লোকসভা নিৰ্বাচন প্ৰসংগত বোকাজান মহকুমা প্ৰশাসনৰ সংবাদমেল

লোকসভা নিৰ্বাচন প্ৰসংগত বোকাজান মহকুমা প্ৰশাসনৰ সংবাদমেল

ডিজিটেল সংবাদ, বোকাজানঃ আগন্তুক লোকসভা নিৰ্বাচন স্বচ্ছ আৰু নিকাভাৱে পৰিচালনাৰ উদ্দেশ্য আগত ৰাখি দেওবাৰে বোকাজান মহকুমা প্ৰশাসনে এক সংবাদমেলৰ জৰিয়তে ডিফু সংসদীয় সমষ্টিৰ অধীনৰ ১০৮ নং বোকাজান বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ সংক্ষিপ্ত তথ্য দাঙি ধৰে ৷ বোকাজান মকুমাধিপতি কাৰ্যালয়ৰ অতিৰিক্ত আয়ুক্ত দেবাহুতি বৰাই সংবাদমেলত ব্যক্ত কৰে যে দ্বিতীয় পৰ্যায় অৰ্থাৎ ২৬ এপ্ৰিলত অনুষ্ঠিত হ'ব ডিফু সংসদীয় সমষ্টিৰ নিৰ্বাচন ৷

ডিফু সংসদীয় সমষ্টিৰ অধীনৰ ১০৮ নং বোকাজান সমষ্টিৰ তথ্য সংবাদ মাধ্যমৰ আগত দাঙি ধৰি তেওঁ কয় যে বিধানসভা সমষ্টিটোত মুঠ ভোটাৰ সংখ্যা ১,৫০,২০০ জন৷ ইয়াৰে ৭৫,১৮৮ জন পুৰুষ ভোটাৰ আৰু ৭৫,০৩৫গৰাকী মহিলা ভোটাৰ ৷ মুঠ ২০৩টা ভোটকেন্দ্ৰত উক্ত ভোটাৰসকলে তেওঁলোকৰ ভোটদান সাব্যস্ত কৰিব ৷ আনহাতে এই ভোটকেন্দ্ৰসমূহৰ ভিতৰত ৩৬টা ভোট গ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ হিচাবে চিহ্নিত কৰা হৈছে ৷ ৩০টা ভোট গ্ৰহণকেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হব বুলি উল্লেখ কৰে অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে ৷

বিধানসভা সমষ্টিটোত ১৪টা সীমান্তৱৰ্তী ভোটগ্ৰহণকেন্দ্ৰ আছে ৷ ১৭৮ টা ভোটগ্ৰহণ কেন্দ্ৰৰ বিষয়া কৰ্মচাৰীসকল ভোট গ্ৰহণৰ এদিন আগত আৰু ২৫ টা ভোট গ্ৰহণ কেন্দ্ৰৰ বিষয়া কৰ্মচাৰীসকলে ভোট গ্ৰহণৰ দুদিনৰ আগত ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হ'ব ৷ ভোটগ্ৰহণ নিয়াৰিকৈ চলাবৰ বাবে ১১জন সংমণ্ডল বিষয়া ৪৭জন খণ্ড বিষয়া আৰু ২৪৪ জনকৈ প্ৰিজাইডিং, পুলিং বিষয়া নিয়োজিত কৰিছে৷ বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ষ্ট্ৰং ৰূম আৰু ভোটগণনা কেন্দ্ৰ থকাৰ বিপৰীতে বোকাজান ব্লক খেলপথাৰত পৰিবহন নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হ'ব বুলি সংবাদমেলত কয় অতিৰিক্ত আয়ুক্ত দেবাহুতি বৰাই ৷

লোকসভা নিৰ্বাচন প্ৰসংগত বোকাজান মহকুমা প্ৰশাসনৰ সংবাদমেল
তিতাবৰত হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ অনন্য নিদৰ্শন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in