তিতাবৰত হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ অনন্য নিদৰ্শন

তিতাবৰত হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ অনন্য নিদৰ্শন

author-image
Asomiya Pratidin
New Update
তিতাবৰত হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ অনন্য নিদৰ্শন

ডিজিটেল সংবাদ, বেকাজানঃ ধৰ্মীয় অসহিষ্ণুতা ভেদাভেদ আদিত জৰ্জৰিত দেশৰ সমাজ ব্যৱস্থাৰ প্ৰতি বৃহৎ প্ৰশ্ন উত্থাপন হোৱাৰ সময়ত তিতাবৰত ইছলাম ধৰ্মীয় লোকে হিন্দু ধৰ্মৰ এক ধৰ্মীয় কার্যসূচীত অংশগ্ৰহণ কৰাই নহয় সহযোগিতা কৰা এক ঘটনাই তিতাবৰত চৰ্চাৰ বিষয় হৈ পৰিছে। চহৰখনৰ মাজ মজিয়াৰ বৰএৰা গাঁৱত অনুষ্ঠিত হোৱা অবিৰত ভাগৱত পাঠৰ অনুষ্ঠানত বোকাহোলা মছজিদৰ অৰ্ধ শতাধিক লোকে সমূহীয়াভাৱে অংশগ্ৰহণ কৰি  ভাগৱত পাঠৰ অনুষ্ঠানত সহযোগিতা আগবঢ়ায়।

Advertisment

বোকাহোলা বৰএৰা জামাতৰ সভাপতি হেমিদূৰ ৰহমান সম্পাদক আছাদূৰ ৰহমানৰ নেতৃত্ব যোৱা অৰ্ধ শতাধিক ইছলাম ধৰ্মীয় লোকে  ভকতৰ শাৰীত বহি ভাগৱত শ্ৰৱণ কৰাৰ লগতে অবিৰত ভাগৱত পাঠ পৰিচালনা সমিতিৰ আতিথ্য গ্ৰহণ কৰে। ভাগৱত পাঠ অনুষ্ঠান পৰিচালনাৰ বাবে উদ্যোক্তাসকলক নদগ পাঁচ হাজাৰ টকা আগবঢ়ায়।ভাগৱত পৰিচালনা সমিতিৰ সম্পাদক প্ৰফুল্ল শইকীয়াই সদৰী কৰা অনুসৰি স্থানীয় ইছলাম ধৰ্মীয় জামাতখনে ভাগৱত পাঠ অনুষ্ঠাৰ বাবে বহু পূৰ্বৰে পৰা সহযোগিতা আগবঢ়াই আহিছে।

শনিবাৰে সন্ধিয়া ইছলাম ধৰ্মীৰ লোকসকলে কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰদৰ্শন কৰা সম্প্ৰীতিৰ বাবে প্ৰফুল্ল শইকীয়াই জামাতৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে ভাগৱত পাঠ অনুষ্ঠানৰ বাবে উদযাপন সমিতিয়ে বোকাহোলা মছজিদৰ সন্মুখত দিয়া আদৰণি তুৰণখনত উক্ত জামাতৰৰাইজে দুগছি বন্তিত নিতৌ তেওঁলোকৰ উদ্যোগত মিঠাতেলৰ চাকি জ্বলাই আহিছে বুলি জানিবলৈ দিছে অবিৰত ভাগৱত পাঠ পৰিচালনা সমিতিয়ে। এই ঘটনা তিতাবৰত চৰ্চাৰ বিষয় হৈ পৰাৰ লগতে সম্প্ৰীতিৰ এনে নিদর্শনক বিভিন্ন দল সংগঠনৰ লগতে সচেতন মহলে আদৰণি জনাইছে।

Also Read: কৰুণাধাৰা দৰং জিলা সহায়ক সমিতিৰ 'শৈক্ষিক সভা'

titabar