
ডিজিটেল সংবাদ, কাজিৰঙা : প্ৰকৃতিৰ বুকুৰ পৰা বিলুপ্ত হ’ব নেকি হাতী নামৰ বিশালকায় প্ৰাণীটো ! হাতী মানুহৰ সংঘাট, সংকুচিত বিচৰণ ভূমি, দুৰ্ঘটনা, চোৰাং চিকাৰ ইত্যাদি বিভিন্ন কাৰণত ক্ৰমে হ্ৰাস পাই অহা হাতীৰ সংখ্যাই উদ্ৰেগৰ কাৰণ হৈ পৰিছে প্ৰকৃতি প্ৰেমীৰ ৷ এই ক্ষেত্ৰত হাতীৰ সংখ্যা বৃদ্ধি হাতী মানুহৰ সংঘাটৰ কাৰণ বুলি একাংশই ধাৰণা কৰি লোৱাৰ বিপৰীতে বনাঞ্চল জনাঞ্চললৈ ৰূপান্তৰিত হোৱাৰ ফলত সংকুচিত হৈ অহা বিচৰণ ভূমি হস্তী মানুহৰ সংঘাটৰ মূল কাৰণ বুলি দাবী প্ৰকৃতি প্ৰেমীৰ ৷
ৰাষ্ট্ৰীয় উদ্যান বা কেইখনমান সংৰক্ষিত বনাঞ্চলত কেতিয়াই হাতী সংৰক্ষিত কৰি ৰাখিব নোৱাৰি । কাৰণ হাতীৰ বাবে প্ৰয়োজন বিশাল বিচৰণ ভূমি ৷ কাজিৰঙা বা মানাসৰ লগতে গোৱালপাৰা,নগাঁও আৰু উজনি অসমৰ কেইখনমান সংৰক্ষিত বনাঞ্চলত হাতীৰ অৱস্থিতি আছে যদিও এই এলেকা সমূহৰ ভিতৰত হাতী আৱদ্ধ কৰি ৰাখিব বিচাৰিলে হিতে বিপৰীত হোৱাৰ সম্ভাৱনাহে অধিক ।
তদুপৰি অপৰিকল্পিতভাৱে কৰা বসতি বা নিৰ্মাণ কাৰ্যৰ বাবে কৰিড'ৰ সমূহ বন্ধ হৈ পৰাত এঠাইৰ পৰা আন ঠাইলৈ বিচৰণ কৰা হাতীৰ স্বাভাৱিক প্ৰবৃত্তিত সৃষ্টি কৰি আহিছে হেঙাৰ । প্ৰকৃতি প্ৰেমীৰ মতে সময় থাকোতেই হাতী সংৰক্ষণৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে এদিন প্ৰকৃৰ বুকুৰ পৰা চিৰ দিনৰ বাবে হেৰাই যাব হাতী ৷