পৰিবহন আইনৰ বিৰুদ্ধে কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থাৰ সংবাদমেল

পৰিবহন আইনৰ বিৰুদ্ধে কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থাৰ সংবাদমেল

author-image
Asomiya Pratidin
New Update
জালিয়াতিৰে বেংকৰ ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰৱঞ্চক

ডিজিটেল সংবাদ,কামপুৰ : কেন্দ্ৰীয় চৰকাৰে ১৯৮৮ এম,ভি,এক্টখন সংশোধন কৰি মটৰ শ্ৰমিক সকলৰ ওপৰত জাপি দিয়া ক'লা আইন অতিশীঘ্ৰে বাতিল কৰাৰ দাবীত বুধবাৰে কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থাই এক সংবাদমেলৰ আয়োজন কৰি এই ক'লা আইনখন পৰিহাৰৰ দাবী জনায়। উল্লেখ্য যে মটৰ শ্ৰমিকসকলে যোৱা ইংৰাজী ২জানুৱাৰীত গুৱাহাটী নিউ আৰ্ট প্লেয়াৰ্চত অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ আহ্বানত অনুষ্ঠিত সভাৰ সৰ্বসন্মতিক্ৰমে অহা ইংৰাজী ৫ জানুৱাৰীৰ পুৱা ৫ বজাৰ পৰা প্ৰথম পৰ্যায়ত ৪৮ ঘন্টীয়া কৰ্মবিৰতি (বন্ধ)পালন কৰা কৰিব বুলি সিদ্ধান্ত গ্ৰহন কৰে।

Advertisment

ইয়াৰ পিছত কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থালৈ পূৰ্ণ সমৰ্থন আগবঢ়ায়।সংবাদমেলখনত পৰিবহন শ্ৰমিক সন্থাৰ সভাপতি ছইদুৰ ৰহমানে মন্তুব্য কৰে যে, ড্ৰাইভাৰ, হেণ্ডিমেনে যদি ষ্টিয়েৰিং এৰি দিয়ে স্তব্ধ হ'ব দেশৰ অৰ্থনীতি। ভাৰত চৰকাৰৰ হিট এণ্ড ৰাণ আইনৰ চেলেঞ্জ গ্ৰহণ কৰি ড্ৰাইভাৰ সন্থাৰ হুংকাৰ ৫ আৰু ৬ জানুৱাৰীত অসমত হ'ব ড্ৰাইভাৰ সন্থাৰ সৰ্বাত্মক প্ৰতিবাদ আৰু বন্ধ থাকিব বাহনৰ চলাচল।

ইয়াতো যদি চৰকাৰে এই আইনখন বাতিল নকৰে তেনেহ'লে তেওঁলোকে জংগী আন্দোলনৰ পথ বাচি ল'ব বুলি মন্তুব্য কৰে।

Also Read: ডাম্পাৰে মহটিয়াই নিলে যুৱকক

Transport Act Kasua