/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/75107fb7-30f4-4bab-aabb-8aafdcda0877/bhawna.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ দেশৰ ভিতৰতে একক বৃহৎ সামাজিক সাংস্কৃতিক অনুষ্ঠান হিচাপে পৰিচিত বাৰেচহৰীয়া ভাওনা মহোৎসৱ সুকলমে উদযাপন হৈ যায় । মহোৎসৱৰ অন্তত শুকুৰবাৰে জমা-খৰছৰ হিচাপ দাখিল কৰে উদযাপন সমিতিয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/66511cbd-3048-4dd2-a7ef-eaa4006cc996/e1bea7b5_7879_4aa1_966e_d8df34a8b93b.jpg)
এক সংৱাদমেলৰ জৰিয়তে উদযাপন সমিতিৰ সভাপতি তথা চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই এই হিচাপ ৰাজহুৱা কৰে ৷ সেই অনুসৰি এককোটি পশ্চিছ লাখ জমা হোৱাৰ বিপৰীতে এককোটি পোন্ধৰ লাখ খৰছ হয় আৰু দহ লাখ টকা জমা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/63b6ff14-f605-4134-96af-efaeeff09ebf/e1bea7b5_7879_4aa1_966e_d8df34a8b93b.jpg)
ভাওনা মহোৎসৱ শেষ হোৱাৰ দহ দিনৰ ভিতৰতে এই হিচাপ দাখিল কৰে বিধায়গৰাকীয়ে । ভাওনা মহোৎসৱ সফল উদযাপনত সহায় সহযোগীতা আগবঢ়োৱা সকলোলৈকে সংৱাদমেলৰ জৰিয়তে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে বিধায়ক পদ্ম হাজৰিকাই ৷
Also Read: ৰৌতাৰ হনুমান আৰু শিৱ মন্দিৰত নিশা চোৰে চলালে তাণ্ডৱ...