/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/d296d30d-dc09-432e-8f8c-70f037b8c74b/theif.jpg)
Thief news
ডিজিটেল সংবাদ, ওৰাংঃ ৰৌতাৰ হনুমান আৰু শিৱ মন্দিৰত নিশা চোৰৰ তাণ্ডব। মন্দিৰৰ প্ৰৱেশদ্বাৰৰ তলা ভাঙি দানপাত্ৰৰ পৰা লুটি নিলে বৃহৎ পৰিমাণৰ ধন । মন্দিৰ দুটিৰ কেবাটাও দানপাত্ৰ ভাঙি টকা লোৱাৰ লগতে মন্দিৰৰ আজবাব চোৰে ভাঙি লণ্ড-ভণ্ড কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/0972b581-eeec-466e-a09f-a33107403dec/sur.jpg)
ৰৌতাৰ মাজমজিয়াত থকা মন্দিৰ দুখনত চুৰি কাৰ্য সংঘটিত হোৱাত আচৰিত হৈ পৰিছে স্থানীয় ৰাইজ । ৰৌতা চাৰিআলি নগৰত নিশা নাথাকে আৰক্ষীৰ কোনো নিৰাপত্তা ব্যৱস্থা।অতি গুৰুত্বপূৰ্ণ টাউনখনত প্ৰশাসনৰ ব্যৱস্থা নথকাত ক্ষোভিত হৈ পৰিছে স্থানীয় ব্যৱসায়ীসকল ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/5ecb2726-02e5-4139-a46b-a4234109d5b8/sur_new.jpg)
আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ মন্দিৰত চুৰে তাণ্ডব চলাব পাৰিছে বুলি অভিযোগ কৰে মন্দিৰ পৰিচালনা সমিতিয়ে। ৰৌতাত নিশা আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে চুৰি কাৰ্য ৰোধ কৰিবলৈ দাবী জনায় মন্দিৰ পৰিচালনা সমিতিয়ে। ৰৌতা আৰক্ষী থানাৰ নাতি দূৰতে থকা মন্দিৰত কেনেদৰে চুৰি কাৰ্য সংঘটিত কৰিলে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে সচেতন লোকে।
Also Read: দুই কোটি টকীয়া নলা খনন প্ৰকল্পক কেন্দ্ৰ কৰি হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদত নামিল ৰাইজ ...