/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/bff8927c-e122-4d83-899f-9e9cc09f5269/aagam.jpg)
ডিজিটেল সংবাদ,জোনাই : বিশিষ্ট শিক্ষাবিদ, ভাষাবিদ, মিচিং আগম কেবাঙৰ প্ৰতিষ্ঠাপক সভাপতি, আগম মিগাং অধ্যাপক টাবুৰাম টাইদৰ চতুৰ্থ মৃত্যুবাৰ্ষিকী পালন কৰা হয়। শিক্ষাবিদগৰাকীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে বৃহস্পতিবাৰে জোনাই মহকুমাত মিচিং আগম কেবাঙৰ বিভিন্ন শাখাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে।
জোনাই মহকুমাৰ ডেবিং-দেতাগ বাংকে আগম কেবাঙৰ উদ্যোগত টি এম পি কেৰ কাৰ্যালয়ত এই উপলক্ষে স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰে। এই উপলক্ষে প্ৰথমতে আগম মিগাং অধ্যাপক টাবুৰাম টাইদৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/8797cd44-b834-4a11-a74b-1d0960da40e8/61b0baed_4a3b_4621_bfe3_0fbc2b7b29d6.jpg)
ইয়াৰ পিছত স্মৃতিচাৰণ সভাত মিচিং আগম কেবাঙৰ কেন্দ্ৰীয় সদস্য ৰয়েল পেগু উপস্থিত থাকে। পেগুৱে আগম মিগাং অধ্যাপক টাবুৰাম টাইদক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে বিশাল পণ্ডিত্যৰ অধিকাৰী আগম মিগাং অধ্যাপক টাবুৰাম টাইদৰ জীৱনাদৰ্শ আৰু মিচিং ভাষা-সাহিত্যলৈ আগবঢ়োৱা অসামান্য অৱদান সম্পৰ্কে বক্তব্য ৰাখে।
সভাত ডেবিং-দেতাগ বাংকে আগম কেবাঙৰ সভাপতি তুলেশ্বৰ পেগু, উপ-সভাপতি মাধৱ মিলি, সম্পাদক মনোজ টায়ে, সহকাৰী সম্পাদক হৰিশ পেগু, বিত্ত সম্পাদক ৰমেন লাগাছু, মুখপত্ৰ সম্পাদক দীপক দলে, সদস্যা বলিন দলে, প্ৰেমধৰ পায়েং, খগেন দলে, যুগীতা দলে বিনা পেগু, ৰাজাখানা পঞ্চায়তৰ সভাপতি বীৰেন পেগু, য়ক্ম পাতিৰ, জীতেন কুটুম, চেনিৰাম মৰাং, ৰাজেশ টাইদ, ডেবিং-দেতাগ আঞ্চলিক টি এম পি কে, এম এম কে, টি এম এম কে, মিচিং বানে কেবাং, মিচিং দৃৰবৃ কেবাঙৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/196c9081-e946-4367-a92d-697dd0fbb434/c86c308d_6229_45cd_9fcc_7c2effce42af.jpg)
ইপিনে বিজয়পুৰ বাংকে মিচিং আগম কেবাঙে বিজয়পুৰ আঞ্চলিক সমিতি টি এম পি কেৰ কাৰ্যালয়ত আগম মিগাং অধ্যাপক টাবুৰাম টাইদৰ মৃত্যুবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। আগম মিগাং অধ্যাপক টাবুৰাম টাইদৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ তথা স্মৃতিচাৰণ অনুষ্ঠানত মিচিং আগম কেবাঙৰ কেন্দ্ৰীয় বিষয়া-ববীয়া তথা সদস্যসকলে শিক্ষাবিদগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰে।
বিজয়পুৰ বাংকে মিচিং আগম কেবাঙৰ সম্পাদক ৰাজেশ দলে, সদস্য মোহন মেদক, বুদ্ধিৰাম দলে, ৰাজেশ পেগু, শুভ পেগু, জেনচন কুম্বাং, দিনেশ দলে, ভবেশ মেদক, বিকাশ মেদক আদি বহুজনে উপস্থিত থাকি আগম মিগাং অধ্যাপক টাবুৰাম টাইদে মিচিং ভাষা-সাহিত্যলৈ আগবঢ়োৱা অৱদানক উল্লেখ কৰি শ্ৰদ্ধৰে স্মৰণ কৰে।
Also Read: মণিপুৰৰ শান্তিৰ কামনাৰে কোকৰাঝাৰত সহস্ৰাধিক মহিলাৰ প্ৰাৰ্থনা