লামডিঙত প্ৰেছ ক্লাবৰ বিনামূলীয়া চকু চিকিৎসা শিবিৰ : ৰে'ল কৰ্তৃপক্ষৰ দ্বাৰা অপমানিত নেপালৰ ৪গৰাকী চিকিৎসক

লামডিঙত প্ৰেছ ক্লাবৰ বিনামূলীয়া চকু চিকিৎসা শিবিৰ : ৰে'ল কৰ্তৃপক্ষৰ দ্বাৰা অপমানিত নেপালৰ ৪গৰাকী চিকিৎসক

author-image
Asomiya Pratidin
New Update
লামডিঙত প্ৰেছ ক্লাবৰ বিনামূলীয়া চকু চিকিৎসা শিবিৰ : ৰে'ল কৰ্তৃপক্ষৰ দ্বাৰা অপমানিত নেপালৰ ৪গৰাকী চিকিৎসক

ডিজিটেল সংবাদ,লামডিং : লামডিঙত এদিনীয়া কাৰ্যসূচীৰে বিনামূলীয়া চকু চিকিৎসা সেৱা শিবিৰৰ আয়োজন কৰা হয়। লামডিং প্ৰেছ ক্লাবৰ উদ্যোগত বৃহস্পতিবাৰে লামডিং কলিবাৰী মন্দিৰৰ প্ৰাংগনত এই শিবিৰ অনুষ্ঠিত কৰা হয়।

Advertisment

উক্ত চিকিৎসা শিবিৰত চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ পৰা ৫গৰাকী চিকিৎসকে ৰোগীসকলক চিকিৎসা প্ৰদান কৰে। নেপালৰ চকু চিকিৎসালয় Britamode Eye Hospitalৰ পৰা অহা চিকিৎসকসকলে চিকিৎসা প্ৰদান কৰে ৷

আনহাতে ইয়াৰ মাজতে নিশা সংঘটিত হয় এক অনাকাংক্ষিত ঘটনা ৷ লামডিং ৰে'লৱে মাণ্ডলিক প্ৰৱন্ধক পি আৰ কুমাৰে বিদেশৰ পৰা অহা চিকিৎসকসকলক থকাৰ বাবে ব্যৱস্থা কৰিছিল ৰে'ল বিভাগৰ ভি আই পি অতিথিশালাত। কিন্তু নিশাই চিকিৎসকসকলক কোঠাৰ পৰা উলিয়াই দি তেওঁলোক থকা কোঠাটোত কেয়াল টেকাৰে তলা ওলমাই দিয়ে ৷

জানিব পৰামতে নিশা হঠাতে শীৰ্ষ বিষয়াৰ নিৰ্দেশত চিকিৎসকসকলক টোপনি পৰা উঠাই যাবলৈ দিয়া হয়। ইয়াৰ পাছতে কোঠাটোত তলা লাগাই দিয়ে। বহিঃৰাষ্ট্ৰৰ পৰা অহা চিকিৎসকসকলক কৰা এনেধৰণৰ আচৰণক লামডিং প্ৰেছ ক্লাৱৰ পৰা গৰিহণা জনাইছে ৷

Also Read: কচুৱাৰ মাধৱপাৰা পঞ্চায়তত ৰাইজৰ প্ৰতিবাদ

lumding