কচুৱাৰ মাধৱপাৰা পঞ্চায়তত ৰাইজৰ প্ৰতিবাদ

কচুৱাৰ মাধৱপাৰা পঞ্চায়তত ৰাইজৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, কামপুৰঃ নগাঁও জিলাৰ ৰহা সমষ্টিৰ মাধৱপাৰা গাঁও পঞ্চায়তৰ এটা পথক লৈ স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। এম জি এনৰেগা আঁচনিত নিৰ্মাণ কৰি থকা পথটোত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে।

জানিব পৰা মতে ৰাইজে নিজাববীয়াকৈ চান্দা তুলি পথটোৰ মেৰামতিৰ কাম কৰিছিল যদিও চিৰাজুল নামৰ এজন মধ্যভোগীয়ে সেই গাঁৱত খোৱাপানী যোগান আঁচনিত নিয়োজিত হৈ থকা কিছু শ্ৰমিকক ফটো উঠাই জালিয়াতিৰে ধন আত্মসাৎ কৰে। এটা ভিতৰুৱা অঞ্চলত থকা পথটোৰে ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ নিয়া, ৰোগীক চিকিৎসালয়লৈ আদি কৰি শ শ লোক যাতায়াত কৰা পথটো এজাক বৰষুণতে বোকাময় হৈ পৰে।

পথটোৰ সম্পৰ্কত স্থানীয় ৰাইজে কঠীয়াতলী উন্নয়ন খণ্ডৰ বিষয়াগৰাকীক অভিযোগ দাখিল কৰাৰ পিছত বিষয়াগৰাকীয়ে পথটো তদন্ত কৰি ব্যৱস্থা ল'ব বুলি প্ৰকাশ কৰিছিল যদিও বিষয়াগৰাকী উপস্থিত নোহোৱা বুলি মন্তব্য কৰিছে। স্থানীয় ৰাইজে কঠীয়াতলী উন্নয়ন খণ্ডৰ বিষয়াগৰাকীক বিষয়টো তদন্ত কৰি ব্যৱস্থা লোৱাৰ দাবী জনাইছে।

কচুৱাৰ মাধৱপাৰা পঞ্চায়তত ৰাইজৰ প্ৰতিবাদ
অৰুণাচল প্ৰদেশত অপ্ৰতিৰুদ্ধ বিজেপি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in