/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/74f7fc97-4d20-4671-8fbd-f15d14e9a33a/president.jpg)
ডিজিটেল ডেস্ক : এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, যাক ইউনেস্ক'ই ৱৰ্ল্ড হেৰিটেজ চাইট ৰূপে ঘোষণা কৰিছিল ১৯৮৫ চনতেই সেই কাজিৰঙা কেৱল এশিঙীয়া গঁড়েই নহয় বৰং হাতী, হৰিণা তথা বনৰীয়া ম'হৰো আৱাসস্থলী । এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতেই ১৯৯১-৯২ বৰ্ষত আৰম্ভ হোৱা প্ৰজেক্ট এলিফেন্টৰ ৩০ বছৰীয়া বৰ্ষপূতি উপলক্ষে কেন্দ্ৰীয় পৰিৱেশ আৰু পৰ্যটন বিভাগৰ উদ্যোগত আয়োজন কৰা হৈছে গজ মহোৎসৱৰ ।
উল্লেখ্য যে, তথ্য অনুসৰি অসম হৈছে দেশৰ দ্বিতীয় সৰ্ববৃহৎ বনৰীয়া হাতীৰ আৱাসস্থলী । কেৱল সেয়াই নহয় বৰং ঘৰচীয়া হাতীৰ ক্ষেত্ৰতো অসমৰ স্থান অন্যতম । তেনেস্থলত গজ মহোৎসৱৰ বাবে অসমকেই শ্ৰেষ্ঠ অঞ্চল ৰূপে চিনাক্ত কৰিলে কেন্দ্ৰীয় বন মন্ত্ৰ্যালয়ে ।
কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেৰ মন্তব্য অনুসৰি, হস্তী সুৰক্ষা সন্দৰ্ভত অসমৰ পদক্ষেপ প্ৰশংসনীয় হোৱাৰ সৈতেই এই মহোৎসৱৰ জৰিয়তে সমগ্ৰ দেশৰ প্ৰাকৃতিক সম্পদ সমূহৰ সুৰক্ষাৰ খেত্ৰত লোৱা অনবদ্য অৱদানো প্ৰদৰ্শন কৰা হ'ব ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/09499bcf-377d-48a5-9d98-5baf6b5e3a4f/FtBdfEoXoAANHgd.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/e5e600f8-bcac-47e0-a86e-a7eef5ae71f4/FtClDM7aAAE0P5I.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/09d27078-f786-4b6e-a075-05faf91e2d39/FtClDM7acAMqKvu.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/ef33fdf7-8bd2-48c2-8d9e-382a47fd7b7e/FtClDNSaQAA788Y.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/0be2b776-8340-4926-8c15-3a437bb0fdf2/FtClDNWaEAIDnIT__1_.jpg)
৭ এপ্ৰিলৰ পৰা দুদিনীয়াকৈ আৰম্ভ হ'ব লগীয়া এই মহোৎসৱৰ শুভাৰম্ভ কৰিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুৱে । ইতমধ্যেই অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলন কৰে ৰাষ্ট্ৰপতি গৰাকীয়ে । ৰাষ্ট্ৰপতি গৰাকীৰ সৈতে অনুষ্ঠানটিত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে নৱনিৰ্বাচিত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া ।
উল্লেখ্য যে, ৰাষ্ট্ৰপতি গৰাকীয়ে এই দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দুটা ৰেঞ্জত জীপ ছাফাৰীতো অংশগ্ৰহণ কৰিব । পূৰ্বতে, কাজিৰঙাৰ চাৰিওটা ৰেঞ্জত এই ছাফাৰী বাতিল কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত দুটা ৰেঞ্জত পুনৰ মুকলি কৰি দিয়া হয় ছাফাৰী । অৱশ্যে এই সময়ছোৱাত বাকী পৰ্যটকসকলৰ বাবে বন্ধ থাকিব কাজিৰঙাত সকলো প্ৰকাৰৰ ছাফাৰী ।