খাবলৈ নহয়, টয়লেট চাফা কৰিবলৈও ব্যৱহাৰ কৰক 'নহৰু'

খাবলৈ নহয়, টয়লেট চাফা কৰিবলৈও ব্যৱহাৰ কৰক 'নহৰু'

নহৰু দেহৰ বাবে উপকাৰী। এই নহৰু কেৱল আমি খাদ্যত ব্যৱহাৰ কৰো। নহৰু নহ'লে মাছ-মাংস সুস্বাদু নহয়। পিছে আজি আপোনাক ক'ব ওলাইছো নহৰুৰ আন এক ব্যৱহাৰৰ কথা। আপোনাৰ স্নানগাৰটো নহৰুৰ দ্বাৰা পৰিষ্কাৰ কৰি ৰাখিব পাৰে। সেই কথা বহুতে নাজানে।সেই সন্দৰ্ভত ভাস্কৰ শৰ্মাৰ বিশেষ প্ৰতিবেদন-

ঘৰত আটাইতকৈ বেছি পৰিষ্কাৰ কৰি ৰাখিব লগা ঠাইবোৰৰ ভিতৰত স্নানগাৰ অন্যতম। কিয়নো ইয়াত বহুত বেক্টেৰিয়া থাকে। পৰিষ্কাৰ-পৰিচন্ন কৰি টয়লেট সমূহ নাৰাখিলে সেইবোৰৰ পৰা বহু বেমাৰ হ'ব পাৰে। আমি টয়লেটটো চাফা হৈ থকাতো বিচাৰো কিন্তু চাফা কৰিব বেয়া পাঁও।

বজাৰত উপলব্ধ ৰাসায়নিক দ্ৰব্যৰ দ্বাৰা টয়লেটবোৰ চাফা কৰা হয় যদিও ইয়াৰ বিপৰীতে নহৰু ব্যৱহাৰেৰে প্ৰাকৃতিকগতভাৱে সহজভাৱে ইয়াক পৰিষ্কাৰ কৰিব পাৰিব। আনহাতে টয়লেট চাফা কৰিবলৈ ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্য সমূহ শৰীৰৰ বাবে অতি ক্ষতিকাৰক।

নিশা ভাগত কেইফুটা মান নহৰু পিহি লৈ টয়লেটত দি থ'লে টয়লেটত থকা ভেঁকুৰ, বেক্টেৰিয়া আদি বিনাশ হয় আৰু তাত থকা অপৰিষ্কাৰবোৰ সহজতে আঁতৰি যায়। নিশা এনেদৰে নহৰু দি পুৱা সেইবোৰ চাফা কৰি দিব লাগে।

প্ৰতিসপ্তাহত দুবাৰকৈ এই কাম কৰিব লাগে। নহৰুত আছে এলিচিন নামৰ এক পদাৰ্থ। যি টয়লেটত থকা বেক্টিৰিয়া, ভেঁকুৰ বিনাশ কৰাৰ লগতে টয়লেটত লাগি থকা হালধীয়া ষ্টেইন নোহোৱা কৰে।

আমি বহুতে এই কথা নাজানো। হালধীয়া ষ্টেইন আঁতৰাবৰ বাবে কেইটামান নহৰুফুটা পানীত প্ৰথমে উতলাই ল'ব লাগে। যাক কোৱা হয় নহৰু চাহ। ২০ মিনিটমান এনেদৰে উতলোৱাৰ পাছত যি খিনি স্থানত এনে ষ্টেইন আছে তাত ঢালি এনিশা ৰখাই থ'ব লাগে। এনেকৈয়ে প্ৰাকৃতিকগত ভাৱে আপুনি আপোনাৰ স্নানগাৰ চাফা কৰিব পাৰে।

এইবোৰ প্ৰাকৃতিকগত প্ৰথা বিভিন্ন অধ্যয়নৰ ফলতহে পোহৰলৈ আহিছে।ৰাসায়নিক সামগ্ৰী ব্যৱহাৰৰ সলনি নহৰুৰ এনে ব্যৱহাৰ নিসন্দেহে শৰীৰৰ বাবেও এক সুখৰ বতৰা। এই প্ৰক্ৰিয়াত অতি সহজতে সম্পন্ন কৰিব পাৰি। শুবলৈ যোৱাৰ আগত এই প্ৰক্ৰিয়াৰে টয়লেট চাফা কৰিবলৈও বৰ বেছি কষ্ট নহয়।

খাবলৈ নহয়, টয়লেট চাফা কৰিবলৈও ব্যৱহাৰ কৰক 'নহৰু'
ডিঙি কটা অৱস্থাত উদ্ধাৰ কন্দৰ্প ওঝাৰ মৃতদেহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in