ৰঙিয়াত অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয় উদ্বোধন সভাপতি লুৰীণজ্যোতি গগৈৰ

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দৰে আজি ৰঙিয়াত অসম জাতীয় পৰিষদৰ প্ৰাণ প্ৰতিষ্ঠা হয় : সাধাৰণ সম্পাদক জগদীশ ভূঞা
ৰঙিয়াত অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয় উদ্বোধন সভাপতি লুৰীণজ্যোতি গগৈৰ

ডিজিটেল সংবাদ,ৰঙিয়া : ৰঙিয়াত সোমবাৰে অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰা হয়। কাৰ্যালয়টো মুকলি কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।

ৰঙিয়াৰ মূৰাৰাৰ গিৰিজানন্দ বিবাহ ভৱনৰ ওপৰৰ মহলাত মুকলি কৰা কাৰ্যালয়টো মুকলি কৰি সভাপতি গগৈয়ে আগন্তুক নিৰ্বাচনত হাজো, শুৱালকুছিৰ লগতে ৰঙিয়াতো আসন্ন নিৰ্বাচনৰ বাবে বুথ সমষ্টি সামৰি ল'ব বুলি উল্লেখ কৰে। তদুপৰি উদ্বোধনী সভাত গগৈয়ে উপস্থিত ৰাইজক বুথ আৰু মানুহ জাতীয়বাদ চিন্তাৰ তৈয়াৰ কৰিব পাৰিলেহে সভাৰ প্ৰাসংগিকতা থকাৰ কথা দোহাৰে। অন্যহাতে এই সভাৰ ভাষণ কেৱল মাত্ৰ বাতৰি-কাকত আৰু টেলিভিছনৰ বাবে দখল হৈ থাকিব বুলি প্ৰকাশ কৰে।

ইফালে আজি এই কাৰ্য্যালয় মুকলি অনুষ্ঠানত দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই উপস্থিত থাকি কয় যে, ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দৰে আজি ৰঙিয়াত অসম জাতীয় পৰিষদৰ প্ৰাণ প্ৰতিষ্ঠা হয় বুলি ভাষণ আগবঢ়ায়। প্ৰায় ৮০০ তকৈ অধিক ৰঙিয়াৰ লগতে হাজো, কমলপুৰৰ আদি সমষ্টিৰ পৰা ৰাইজৰ উপস্থিত থকা দলটোৰ মুখ্য কাৰ্যালয় মুকলি অনুষ্ঠানত দুলু আহমেদে দীৰ্ঘদিন ৰঙিয়া সমষ্টিৰ বিজেপিৰ বিৰুদ্ধে থকা আসোঁৱাহ জানি বুজি সমষ্টিৰ ৰাইজে বিচৰা বাবে এই কাৰ্যালয় মুকলি কৰা হয় বুলি লগতে জানিবলৈ দিয়ে ।

এই কাৰ্য্যালয় মুকলি জৰিয়তে দলটোৰ নেতাসকলে অনাগত দিনত বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু সাংসদ দিলীপ শইকীয়াক উৎখাত কৰিবলৈ সংকল্প গ্ৰহণ কৰা লগতে হুংকাৰ দিয়ে । আনহাতে অসম জাতীয় পৰিষদৰ কাৰ্যালয় মুকলি অনুষ্ঠানত আমেৰিকাৰ বিশিষ্ট ব্যৱসায়ী মনোৰঞ্জন বৰদলৈ, কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যনিৰ্বাহক হেমন্ত হালৈ, যুৱ শক্তিৰ সম্পাদক কংকন নাথকে ধৰি মহিলা শক্তি আৰু কেইবাগৰাকীও অসম জাতীয় পৰিষদৰ কৰ্মী উপস্থিত থাকে ।

ৰঙিয়াত অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয় উদ্বোধন সভাপতি লুৰীণজ্যোতি গগৈৰ
আগন্তুক গণৰাজ্য দিৱসত কোন মন্ত্ৰীয়ে ক'ত কৰিব পতাকা উত্তোলন,জানিবলৈ চাওঁক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in