/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/df5758d4-e45c-481f-939e-b2009412454d/114.jpg)
ডিজিটেল ডেস্ক : আগন্তুক গণৰাজ্য দিৱসক লৈ ৰাজ্য চৰকাৰে ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে। ইতিমধ্যে গণৰাজ্য দিৱস উপলক্ষে পতাকা উত্তোলন কৰাৰ ক্ষেত্ৰত কেবিনেট মন্ত্ৰীসকলক ভাগে ভাগে দায়িত্ব দিয়া হৈছে। ভালেকেইগৰাকী কেবিনেট মন্ত্ৰীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰিব গণৰাজ্যৰ দিৱসৰ পতাকা উত্তোলন।
এইক্ষেত্ৰত লাভ কৰি তথ্য অনুসৰি, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে ডিব্ৰুগড়ত কৰিব পতাকা উত্তোলন। কৃষিমন্ত্ৰী অতুল বৰাই কৰিব যোৰহাটত। উৰ্খাও গৌড়া ব্ৰহ্মক দিয়া হৈছে তেজপুৰৰ দায়িত্ব।
একদৰে ধুবুৰীত পতাকা উত্তোলন কৰিব মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে। জ্যেষ্ঠ মন্ত্ৰী পৰিমল শুক্লবৈদ্যক দিয়া হৈছে শিলচৰৰ দায়িত্ব। ইফালে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কামৰূপত, শিক্ষামন্ত্ৰী ৰনোজ পেগুই তিনিচুকীয়াত।
অশোক সিংঘালে বঙাইগাঁৱত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব। মন্ত্ৰী যোগেন মোহন ধেমাজী, সঞ্জয় কিষাণ শিৱসাগৰ, অজন্তা নেওগক মঙ্গলদৈত উত্তোলনৰ দায়িত্ব দিয়া হৈছে।
আনহাতে মন্ত্ৰী পীযুষ হাজৰিকা মৰিগাঁও, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা মাজুলীত পতাকা উত্তোলন কৰিব। মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু নন্দিতা গাৰ্লোচাই ক্ৰমে গোলাঘাট আৰু গোৱালপাৰা জিলাত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব।
Also Read: ন্যায় যাত্ৰাত ভূপেন বৰাক আক্ৰমণ : বিশ্বনাথ জিলা কংগ্ৰেছৰ গৰিহণা