লক্ষীপুৰ মহাবিদ্যালয়ত ভাষাবিদ-গৱেষক ড০ উপেন ৰাভা হাকাচামৰ জন্মদিন উদযাপনৰ প্ৰস্তুতি

লক্ষীপুৰ মহাবিদ্যালয়ত ভাষাবিদ-গৱেষক ড০ উপেন ৰাভা হাকাচামৰ জন্মদিন উদযাপনৰ প্ৰস্তুতি

author-image
Asomiya Pratidin
New Update
অধ্যাপক-লেখক  ড০ উপেন ৰাভা হাকাচামক প্ৰদান কৰা হ'ব 'আলি মেচ বঁটা'

ডিজিটেল সংবাদ, ছয়গাঁও : গুৱাহাটীৰ দগো ৰাংছাং গৱেষণা সমিতিৰ উদ্যোগত আৰু লক্ষীমপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগ, মহিলা কোষ আৰু আভ্যন্তৰীণ মান নিৰূপক কোষৰ সহযোগত অহা ২ জানুৱাৰীত বিশিষ্ট পণ্ডিত,লোক সংস্কৃতিৰ গৱেষক তথা ভাষাবিদ ড০ উপেন ৰাভা হাকাচামৰ জন্মদিনটো বিভিন্ন কাৰ্যসূচীৰে সৰলতাৰ দিন হিচাপে উদযাপন কৰা হ'ব। দগো ৰাংছাং গৱেষণা সমিতিৰ সভাপতি ডঃ ললিত চন্দ্ৰ ৰাভা আৰু সম্পাদক ডঃ অংশুমান দাসে এক প্ৰেছ বিজ্ঞপ্তিত জনোৱা অনুসৰি সৰলতাৰ দিনৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি "গোৱালপাৰা জিলাৰ ঐতিহ্য আৰু সংস্কৃতি" শীৰ্ষক এক বক্তৃতা অনুষ্ঠানৰো আয়োজন কৰা হৈছে।

Advertisment

এই বক্তৃতা অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব বিশিষ্ট সাংবাদিক তথা অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ দিলীপ কুমাৰ শৰ্মা। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সমিতিৰ প্ৰাক্তন সঞ্চালক তথা লক্ষীপুৰ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰাধাচৰণ ৰাভা আৰু বিশিষ্ট শিশু সাহিত্যিক তিলো সোণোৱাল।

সৰলতাৰ দিন উপলক্ষে দগো ৰাংছাং গৱেষণা সমিতিৰ তৰফৰ পৰা এইবেলি শিশু সাহিত্য বঁটা প্ৰদান কৰা হ'ব বিশিষ্ট শিশু সাহিত্যিক তথা গোৱালপাৰা জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰকাশ ৰাভাক। কেবাখনো গ্ৰন্থ উন্মোচন কৰিবলগীয়া এই অনুষ্ঠানত গোৱালপাৰা জিলাৰ দুগৰাকী বিশিষ্ট ব্যক্তি ছামছুল হক আৰু খগেন্দ্ৰ নাৰায়ণ বাৰ্চুঙক বিশেষ সম্বৰ্ধনা জনোৱা হ'ব।

Also Read: ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান

chaygaon Dr Upen Rabha Hakasam Lakhipur College