/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/5d284af8-2687-43a8-9c20-bf477acd3d9c/486.jpg)
ডিজিটেল সংবাদ,বটদ্ৰৱা : ১৯৪৮ চনত প্ৰতিষ্ঠা হোৱা নগাঁও জিলাৰ বৃহত্তৰ ৰাইডঙীয়া অঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম বাটকটীয়া ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চলিত বৰ্ষত ৭৫ বছৰত উপনীত হৈছে। বিদ্যালয়খনৰ ৭৫ বছৰৰ গৌৰৱোজ্বল পৰিক্ৰমাৰ মহাৰজত জয়ন্তী যোৱা ২৮ মে'ৰ পৰা ২৫ ডিচেম্বৰলৈ বছৰজোৰা কাৰ্যসূচীৰে পালন কৰা হৈছে।
এই মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানটি শনিবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ'ব। কাৰ্যসূচী অনুসৰি ২৩ ডিচেম্বৰৰ পুৱা ৮-৪৫ বজাত পতাকা উত্তোলন কৰিব ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মুক্তি দাসে।
১০-০০ বজাত স্মৃতি তৰ্পন কৰিব মহাৰজত জয়ন্তী উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰোহিনী বৰাই। ইয়াৰ পাছত হলিৰাম শইকীয়াৰ আৱক্ষ মূৰ্তি উন্মোচন কৰিব বিশিষ্ট পৰিৱেশবিদ অৰণ্য মানৱ,পদ্মশ্ৰী যাদৱ পায়েঙে। ১১-৩০ বজাৰ পৰা "ছাত্ৰ ছাত্ৰীৰ শাৰিৰীক, মানসিক আৰু বৌদ্ধিক বিকাশ" শীৰ্ষক আলোচনাচক্ৰত মুখ্য বক্তা হিচাপে উপস্থিত থাকিব প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/0747ada0-08bc-4024-a43a-7cc7902d389f/c7a05563_d64f_4594_a0ab_d9c98e9998f1.jpg)
আনহাতে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব সাহিত্যিক হৃষিকেশ গোস্বামী আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যাপক ডাঃ শশাংক কুমাৰ বৰুৱাই। সন্ধিয়া ৫-০০ বজাত বন্তি প্ৰজ্বলন আৰু ৬-০০ বজাৰ পৰা গীত-মাত, নৃত্য, নাটকৰ সমাহাৰে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব।
২৪ ডিচেম্বৰ দেওবাৰে পুৱা বিভিন্ন কাৰ্য্যসূচীৰ পাছত ৯-০০ বজাত সাংস্কৃতিক শোভাযাত্ৰা শুভাৰম্ভ কৰিব নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। দুপৰীয়া ১-৩০ বজাৰ পৰা "স্মৃতিয়ে ৰিঙিয়াই" শীৰ্ষক প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু শিক্ষাগুৰুৰ সন্মিলন অনুষ্ঠিত হ'ব। সন্ধিয়া ৬-০০ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব।
ইফালে ২৫ ডিচেম্বৰৰ পুৱা মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দুপৰীয়া ১২-০০ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব শিক্ষামন্ত্ৰী ৰণোজ পেগু, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত, জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা আৰু সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/16d1b3ec-9869-48f5-8041-236ffc6697fa/c84cad28_9ba5_457c_b996_60eb62b14794.jpg)
আনহাতে নিশালৈ অনুষ্ঠিত হ'ব লগা সাংস্কৃতিক অনুষ্ঠানত আচুৰ্য বৰপাত্ৰ গোহাঁইৰ গীতৰ অনুষ্ঠান অনুষ্ঠিত হ'ব। ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সকলো কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিৰ হৈ সম্পাদক ৰমেশ চন্দ্ৰ বৰাই।