চৰাইদেউ চলাপথাৰত "পয় লেং" উৎসৱৰ প্ৰস্তুতি...

চৰাইদেউ চলাপথাৰত "পয় লেং" উৎসৱৰ প্ৰস্তুতি...
চৰাইদেউ চলাপথাৰত "পয় লেং" উৎসৱৰ প্ৰস্তুতি...

ডিজিটেল সংবাদ চৰাইদেউঃ অহা তিনি ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ চৰাইদেউ জিলাৰ চলাপথাৰ শ্যাম গাঁৱত "পয় লেং" উৎসৱ অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে। উল্লেখ্য যে, চলাপথাৰ শ্যাম গাঁৱত বিগত বৰ্ষৰ ২৩ আগষ্টৰ নিশা ৯৮ বছৰ বয়সত বাৰ্ধক্য জনিত কাৰণত নিৰ্বাণগামী হোৱা ড° শাসনবংশ মহাথেৰা ভান্তেৰ শৱদেহ গাঁৱখনত নিয়মানুসৰি, পৰম্পৰাগত আৰু বিজ্ঞানসন্মতভাৱে এটি কফিনত ভৰাই "নিক পান ক্যং"নামেৰে এটি গৃহত সংৰক্ষণ কৰা অৱস্থাত আছে ৷

এনে প্ৰেক্ষাপটত ভান্তেগৰাকীৰ শৱদেহৰ 'পয় লেং' উৎসৱ উদযাপন কৰিবলৈ গাৱঁখনত ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। অহা ৩, ৪ আৰু ৫ ফেব্ৰুৱাৰীত এই উৎসৱ অনুষ্ঠিত হ'ব।

উল্লেখ্য যে, "পয় লেং" টাই ভাষাৰ দুটা শব্দৰ সমষ্টি "পয়" মানে উৎসৱ আৰু "লেং" মানে ৰথ, অৰ্থাৎ ৰথোৎসৱ ৷ উল্লেখযোগ্য যে,গুণৱান বৌদ্ধ ভিক্ষুৰ মৃত্যুৰ পাছত তেওঁৰ সংৰক্ষিত শৱদেহৰ অৱশিষ্ট এখন ৰথত স্থাপন কৰি বৌদ্ধ ধৰ্মীয় নীতি নিয়ম পালন কৰি ভিক্ষুগৰাকীৰ পৰিনিৰ্বান প্ৰাপ্তিৰ কামনা কৰা হয় ৷

তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই উৎসৱৰ শেষৰ দিনা মৃত বৌদ্ধ ভিক্ষুগৰাকীৰ সংৰক্ষিত দেহৰ অৱশিষ্টসহ ৰথখন জ্বলাই দিয়া হয় ৷ ড° শাসনবংশ মহাথেৰাৰ "পয় লেং" উৎসৱত উত্তৰ পূৱ ভাৰতৰ বৌদ্ধধৰ্মীয় ৰাইজৰ লগতে জাতি ধৰ্ম নিৰ্বশেষে তিনিটা দিনত ১ লাখ লোকৰ সমাবেশ ঘটিব বুলি আশা কৰা হৈছে।

অনুষ্ঠানটোত দক্ষিণ কোৰিয়া, থাইলেণ্ড, ম্যানমাৰ আৰু চীনৰ অতিথিৰ আগমন ঘটিব বুলি জানিব পৰা গৈছে ৷

চৰাইদেউ চলাপথাৰত "পয় লেং" উৎসৱৰ প্ৰস্তুতি...
খাদ্যত বিষাক্ত দ্ৰব্য মিহলাই এটা পৰিয়ালত চলালে লুটপাত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in