/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/236d8cd1-8f7f-4a81-98cf-79b28b02f89d/kampur_24.jpg)
খাদ্যত বিষাক্ত দ্ৰব্য মিহলনাই এটা পৰিয়ালত চলালে লুটপাত...
ডিজিটেল সংবাদ কামপুৰঃ কচুৱা থানাৰ অন্তৰ্গত কাজিৰঙা বালিচৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নিশা খাদ্যত বিহ দি এটা পৰিয়ালত চলালে লুট -পাট।
জানিব পৰা মতে পৰিয়ালটোৰ পাঁচজনকৈ সদস্য নিশা আহাৰ খোৱাৰ পাচতেই অচেতন হৈ পৰে। ইয়াৰ পাছতে তেওঁলোকৰ ঘৰৰ সকলো সা-সামগ্ৰী লুট কৰি নিয়ে দুৰ্বৃত্তই।
পৰিয়ালটোৰ সন্দেহ এগৰাকী সন্দেহ জনক মহিলাই নিশা বৰালী মাছৰ আঞ্জাত বিষাক্ত দ্ৰব্য মিহলাই দিয়াৰ ফলতে তেওঁলোক অচেতন হৈ পৰে। ইতিমধ্যে পৰিয়ালটোৰ নৱীৰ হুছেইন (৫০), চুফিয়া খাতুন(৩৫), চানিল হুছেইন(১৬), জোনাই হুছেইন(১১),জুবাইদ হুছেইন(৬)ক চিকিৎসালয়ত চিকিৎসাধিন হৈ আছে।
Also Read: জাজৰি ঢলপুৰীয়াত মহাৰজত জয়ন্তী উৎসৱক লৈ উখল মাখল পৰিবেশ...