
ডিজিটেল সংবাদ ঢকুৱাখনাঃ টাই আহোমসকলৰ পবিত্ৰ ধৰ্মীয় উৎসৱ মে-ডাম-মে- ফী বিগত বৰ্ষবোৰৰ দৰে চলিত বৰ্ষতো ঢকুৱাখনাত কেন্দ্ৰীয় ভাবে উদযাপনৰ প্ৰস্তুতি চলিছে। ঢকুৱাখনা টাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰ অসমৰ উদ্যোগত আৰু কেন্দ্ৰ প্ৰাংগণত অহা ৩০ আৰু ৩১ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিতব্য এই ধৰ্মীয় উৎসৱৰ প্ৰথম দিনা পতাকা উত্তোলন ,ফুৰালুং প্ৰতিষ্ঠা, গছপুলি ৰোপণ আদি কাৰ্যসূচীৰ লগতে চিত্ৰাংকণ, কুইজ ,ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।
দ্বিতীয় দিনা পুৱা ফুৰালুং পূজা, মৈদাম তৰ্পণ আদি কাৰ্যসূচীৰ লগতে স্মৃতিগ্ৰন্থ "বানফাই" উন্মোচন কৰা হ'ব। বিশিষ্ট নাট্যকাৰ, অভিনেতা হেমন্ত বৰপাত্ৰ গোঁহাইয়ে উন্মোচন কৰিব লগা এই স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ পাছতে স্বৰ্গদেউৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰা হ'ব।
দুপৰীয়ালৈ বিশিষ্ট ক্ৰীড়াবিদ প্ৰিয়ৰাম ফুকনে মুকলি সভা উদ্বোধন কৰিব। বিকাশ কেন্দ্ৰৰ সভাপতি জীতেন গগৈ আৰু উদযাপন সমিতিৰ সভাপতি নীলমণি গগৈয়ে সভাপতিত্ব কৰিব লগা মুকলি সভাত নিৰ্দ্দিষ্ট বক্তা হিচাবে প্ৰবীণ শিক্ষাবিদ ড০ চন্দ্ৰধৰ বৰুৱা, মুখ্য অতিথি হিচাবে সাংসদ প্ৰদান বৰুৱা, বিধায়ক নৱ দলে, বিশিষ্ট অতিথি হিচাবে মহকুমাধিপতি অৰিন্দম বৰুৱা ,মহকুমা আৰক্ষী বিষয়া সৌমেদ্য শুক্লবৈদ্য , ৰাজহ চক্ৰ বিষয়া ৰাহুল দলে আদি বহু কেইগৰাকী প্ৰশাসনিক বিষয়া, সমাজকৰ্মীয়ে অংশগ্ৰহণ কৰিব।
সন্ধিয়া বন্তি প্ৰজ্বলনেৰে সামৰণি পৰিবলগীয়া দুদিনীয়া বৰ্ণিল কাৰ্যসূচীত সকলো জ্ঞাতি বৰ্গ আৰু শুভাকাংক্ষী ৰাইজৰ উপস্থিতি আৰু সহযোগিতা উদযাপন সমিতিৰ সভাপতি নীলমণি গগৈ,সম্পাদকদ্বয় মৌচুমী বুঢ়াগোঁহাই আৰু মনোজ গগৈয়ে আন্তৰিকতাৰে কামনা কৰিছে।