/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/ca9f89af-68b7-4bd5-ac32-3e97d68a67ec/titabar_28.jpg)
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলাৰ বিংশতিতম বাৰ্ষিক অধিবেশন আৰম্ভ...
ডিজিটেল সংবাদ বেকাজানঃ সহস্ৰাধিক ভকত বৈষ্ণৱ উপস্থিতিৰে বৈকুণ্ঠৰ ধামত পৰিনত হৈছে তিতাবৰ চকিয়ালৰ ৰূদ্ৰেশ্বৰ শইকীয়া সমন্বয় ক্ষেত্ৰ। তিতাবৰৰ বিভিন্ন জাতি জনগোষ্ঠী, বৰ্ণ নিৰ্বিশেষে সহস্ৰাধিক ভকত বৈষ্ণৱৰ আগমনৰে আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ তিতাবৰ জিলা শাখাৰ বিংশতিতম বাৰ্ষিক অধিবেশন।
এই উপক্ষে আজি পুৱা অধিবেশনৰ মূল তোৰণ উন্মোচন কৰে তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাই । ইয়াৰ পাছতে ভোনালয় তোৰণ উন্মোচন কৰে তিতাবৰ জিলা শাখাৰ প্ৰাক্তন শৰণ সদস্য মহেন্দ্ৰনাথ শইকীয়াই ।
আনহাতে বিংশতিতম অধিবেশনৰ মূল মণ্ডপ উন্মোচন কৰে প্ৰয়াত ৰূদ্ৰেশ্বৰ শইকীয়াৰ পৰিয়ালৰ হৈ অমিয়া শইকীয়া আৰু ড০ মহেশ্বৰ শইকীয়াই। সাহিত্য আৰু শিক্ষা শাখাৰ মুকলি অধিবেশন মুকলি কৰে হৰেন শইকীয়াই ।
ইয়াৰ পিছত নাগৰা আৰু দিহা নামৰে সহস্ৰাধিক ভকত, বৈষ্ণৱে চকিয়ালৰ তিতাবৰ জিলা শাখাৰ বিংশতিতম বাৰ্ষিক অধিবেশনৰ ৰূদ্ৰেশ্বৰ শইকীয়া সমন্বয় ক্ষেত্ৰ মুখৰিত কৰি তোলে। দুপৰীয়া বাৰ্ষিক অধিবেশনৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ 'ভক্তি ৰসামৃত' উন্মোচন কৰে তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ মণ্টুমণি দত্তই।
ইফালে অধিবেশনৰ শিশু, আই মাতৃ কল্যাণ শাখা সমিতিৰ সাধাৰণ পৰিষদৰ আৰু মুকলি সভাত উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদ বাবুল বৰা আৰু যোৰহাট লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ। দেওবাৰে অধিবেশনৰ দ্বিতীয় দিনা পুৱা বিভিন্ন প্ৰাথমিক শাখাৰ সহযোগত ভাগৱত সহ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব।
ইয়াৰ দুপৰীয়া অধিবেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৰঞ্জিত কুমাৰ দাস, সাংসদ গৌৰৱ গগৈ, তপন কুমাৰ গগৈ, নৱ শৰণীয়া আদি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/6ff52892-fc3a-4816-851f-ab5af6ef4787/8aa0d226_70a5_4da7_967e_98cb0bfdeba4.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/c192437b-5b2a-46a8-ac9a-ef45ed7c535f/bd054bfe_1b4e_483e_9d9d_e454307cebbb.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/4f902f23-49b7-4087-a940-553cfd62c304/1d95f295_4bba_4543_a628_32fb3f745f58.jpg)
Also Read: মণিপুৰত ম্যানমাৰৰ অনুপ্ৰৱেশকাৰীয়ে স্থাপন কৰিলে গাঁওঃ ৮১ জনক গ্ৰেপ্তাৰ...