ডিজিটেল সংবাদ, ওৰাংঃ হেপাঁহৰ ৰঙালী বিহুটিক আদৰাক লৈ ৰাজ্যজুৰি আৰম্ভ হৈছে ব্যাপক উছাহ-উদ্দীপনা । ৰঙালী বিহুৰ সমান্তৰালকৈ আৰাম্ভ হৈছে বড়োসকলৰ ৰংজালী বৈশাগু । বি টি আৰৰ বড়ো জনগোষ্ঠীৰ মাজতো ৰংজালী বৈশাগুক আদৰাৰ ব্যাপক প্ৰস্তুতি।
ওৰাঙৰ কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে প্ৰাক ৰংজালী বৈশাগু । কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ শাখা সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈছে এই প্ৰাক ৰংজালী বৈশাগু অনুষ্ঠান । বাগুৰুম্বাৰ সুৰৰ মূৰ্চনাৰে মুখৰিত কলাগুৰু বিষ্ণুৰাভা মহাবিদ্যালয়ৰ বাকৰি ৷
শিক্ষাগুৰু সকলক সেবা জনাই, আৰনা উপহাৰ দি শিক্ষাগুৰুৰ আৰ্শিবাদ গ্ৰহণেৰে আৰম্ভ হল প্ৰাক ৰংজালী বৈশাগু ৷ বড়ো জনগোষ্ঠীৰ হেপাহৰ উৎসৱ বৈশাগু । বৈশাগুক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যতে দেখা গৈছে ব্যাপক উচাহ আৰু উদ্দিপনা । ব্যতিক্ৰম নহয় ওৰাঙৰ একমাত্ৰ উচ্চ শিক্ষানুস্থান কলাগুৰু বিষ্ণু ৰাভা মহাবিদ্যালয়ো ৷ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত সম্প্ৰতি আৰু বৈশাগুক পৰিচয় কৰাই দিয়াৰ এক মহান উদ্দেশ্য আগত ৰাখি কলাগুৰ বিষ্ণু ৰাভা মহাবিদ্যালয়ৰ আবছুৰ সহযোগত বৰ্ণময় কাৰ্য্যসুচীৰে পালন কৰা হয় প্ৰাক বৈশাগু।