বনৰীয়া হৰিণা উদ্ধাৰ...

অসম-মেঘালয় সীমান্তৰ মাটাইখাৰ পাটগাঁৱত গুণীন ৰাভা নামৰ এজন লোকৰ ঘৰত বৃহস্পতিবাৰে পুৱা এটা বনৰীয়া হৰিণা পহু উদ্ধাৰ হয়
হৰিণা পহু উদ্ধাৰ
হৰিণা পহু উদ্ধাৰ
Published on
Updated on

ডিজিটেল সংবাদ, পলাশবাৰীঃ অসম-মেঘালয় সীমান্তৰ মাটাইখাৰ পাটগাঁৱত গুণীন ৰাভা নামৰ এজন লোকৰ ঘৰত বৃহস্পতিবাৰে পুৱা এটা বনৰীয়া হৰিণা পহু উদ্ধাৰ হয় । প্ৰাপ্ত খবৰ অনুসৰি গুণীন ৰাভাৰ পত্নীয়ে পুৱা ৭ মান বজাত গোহালি ঘৰৰ ওচৰত হৰিণা পহুটো প্ৰত্যক্ষ কৰে ।

তাৰ পাছত তেওঁ চিঞৰ বাখৰ কৰাত গুণীন ৰাভা আৰু পৰিয়ালৰ লোকে হৰিণা পহুটোক কৌশলৰে এটা কোঠাত আবদ্ধ কৰে । পহুটোক আবদ্ধ কৰি বন বিভাগক খবৰ দিয়ে পৰিয়ালটোৱে ৷

বনকৰ্মীৰ এটা দলে তেওঁৰ ঘৰত উপস্থিত হৈ হৰিণা পহুটো উদ্ধাৰ কৰি পহুটো মাইকী আৰু প্ৰাপ্তবয়স্ক বুলি নিশ্চিত কৰে । দুপৰীয়া হৰিণাটো উৰ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশত ওচৰৰ গভীৰ অৰণ্যত এৰি দিয়া হয় । বনকৰ্মীৰ দলটোৱে খাদ্যৰ সন্ধানত পুৱা ওলাই আহি দিশ হেৰুৱাই হৰিণা পহুটো এনেদৰে জনাঞ্চলত আবদ্ধ হৈ পৰা বুলি সন্দেহ প্ৰকাশ কৰিছে ।

হৰিণা পহু উদ্ধাৰ
ইলোৰা বিজ্ঞান মঞ্চৰ চতুৰ্থ ৰাজ্যিক সন্মিলন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in