পাৰখোৱা ন-মাটি কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি

সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ গীতৰ শৰাই অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
পাৰখোৱা ন-মাটি কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি

ডিজিটেল সংবাদ,কাৰ্বি আংলং : ৰাজ্যৰ পাহাৰীয়া জিলা কাৰ্বি আংলংৰ ন-মাটি পৰিষদীয় সমষ্টিৰ পাৰখোৱাত অহা ২২ আৰু ২৩ এপ্ৰিলত পাৰখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ প্ৰাংগনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কেন্দ্ৰীয় ভাৱে আয়োজন কৰা ৰঙালী বিহু উৎসৱ উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে ।

Advertisment

এই উদ্দেশ্যেৰে ইতিপূৰ্বে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰিতেশ ইংহিক মুখ্যপৃষ্ঠপোষক, বিপুল ফুকন, ৰাতুল স্বৰ্গীয়াৰী, প্ৰদীপ ইংতি, ধৰমছিং ক্ৰ, জ্যোতি তিমুং আৰু ব্ৰিটেইন মহেলাক উপদেষ্টা, সুচন্দ্ৰ নাথ বায়নক সভাপতি, দিলীপ মেচক কাৰ্যকৰী সভাপতি, সোণমনি লেখাৰু আৰু মৌচম প্ৰতিম দাসক সাধাৰণ সম্পাদক, দ্বীপন ভৰালীক সাংস্কৃতিক সম্পাদক হিচাপে লৈ এখনি বিহু উদযাপন সমিতি গঠন কৰা হয় ।

কাৰ্যসূচী অনুসৰি প্ৰথম দিনৰ দিনা সদৌ অসম ভিত্তিত বিহুৱতী, বিহুপৰি প্ৰতিযোগিতা, আঞ্চলিক ভিত্তিত জেং বিহু প্ৰতিযোগীতাকে ধৰি বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা ও অনুষ্ঠিত কৰা হ'ব । দ্বিতীয় তথা অন্তিম দিনৰ দিনা সন্ধিয়া অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ গীতৰ শৰাই অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব বুলি জানিবলৈ দিয়ে ।

Also Read: ভাৰত পৰ্যটনৰ উত্তৰ-পূৰ্বাঞ্চলৰ নতুন আঞ্চলিক সঞ্চালক হিচাপে যোগদান অনিল উৰাওঁৰ

Bohag Bihu