ভাৰত পৰ্যটনৰ উত্তৰ-পূৰ্বাঞ্চলৰ নতুন আঞ্চলিক সঞ্চালক হিচাপে যোগদান অনিল উৰাওঁৰ

পৰ্যটনৰ স’তে জড়িত উদ্যোগীসকলৰ উৎসাহ তথা সৃষ্টিশীল মনোভাৱে আগন্তুক দিনত যে পৰ্যটনক ন ৰূপ দিব তাক লৈ তেওঁ আশাবাদী

author-image
Asomiya Pratidin
New Update
ভাৰত পৰ্যটনৰ উত্তৰ-পূৰ্বাঞ্চলৰ নতুন আঞ্চলিক সঞ্চালক হিচাপে যোগদান অনিল উৰাওঁৰ

ডিজিটেল সংবাদ, কাজিৰঙাঃ অসম পৰ্যটনৰ মূল কেন্দ্ৰবিন্দু কাজিৰঙাক মুখ্য হিচাপে লৈ উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সংকল্প গ্ৰহণ ভাৰত পৰ্যটনৰ উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক সঞ্চালক অনিল উৰাওঁৰ ৷ মঙলবাৰে গুৱাহাটীৰ পল্টনবজাৰস্থিত কাৰ্যালয়ত ভাৰত পৰ্যটনৰ উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক সঞ্চালক হিচাপে যোগদান কৰি সংবাদ মাধ্যমৰ সন্মুখত অনিল উৰাৱে কয় যে সাম্প্ৰতিক সময়ত পৰ্যটকৰ পৰ্যটন অভিজ্ঞতাৰ সোৱাদ সলনি হৈছে ৷

Advertisment

পৰ্যটকে সদায়ে নতুন কিবা বিচাৰি ফুৰে ৷ পৰ্যটনৰ নতুন-নতুন সৃষ্টিশীল অভিজ্ঞতাৰ ধাৰণাৰে পৰ্যটন উদ্যোগীসকলৰ পৰিকল্পনাই এই ক্ষেত্ৰত অন্য এক মাত্ৰা দিব। এই ক্ষেত্ৰত পৰ্যটন উদ্যোগীসকলক পূৰ্ণ সহযোগ আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি দিয়ে ৷

আজি গুৱাহাটীত ভাৰত পৰ্যটনৰ উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক সঞ্চালক হিচাপে যোগদান কৰাৰ পাছতেই উৰাওক ৩৩ সংখ্যক কহঁৰা বসন্ত উৎসৱ উদযাপন সমিতিৰ সভাপতি তথা অসম চাহ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক লক্ষণ কৰ্মকাৰ, কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ কাৰ্যকৰী সভাপতি তথা ৩৩ সংখ্যক কহঁৰা বসন্ত উৎসৱ উদযাপন সমিতিৰ মুখ্য সম্পাদক ধ্ৰুৱজ্যোতি সাহা, সহকাৰী সম্পাদক বিতোপন মাজি, মফিজুল আলিয়ে অসমলৈ আদৰণি জনায় ৷

সঞ্চালকগৰাকীয়ে আগন্তুক পৰ্যটন বৰ্ষত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সমূহ পৰ্যটন ক্ষেত্ৰলৈ ১৫ শতাংশ পৰ্যটক বৃদ্ধিৰ লক্ষ্যৰে কাম কৰি যোৱাৰ সংকল্প লোৱা বুলি মন্তব্য কৰি সঞ্চালকগৰাকীয়ে কয়, কাজিৰঙাকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰ্যটন কৰ্মীসকলক “স্কীল ডেভেলপমেণ্ট” দৰে প্ৰশিক্ষণৰ জৰিয়তে আন্তঃগাঁথনি উন্নয়ণত ভাৰত পৰ্যটনে সহযোগিতা আগবঢ়াব ৷ সামাজিক মাধ্যমৰ জৰিয়তে পৰ্যটনৰ উত্তৰণ, “যুৱ ক্লাৱ” (Youth Club), প্ৰচাৰ মাধ্যম আদিৰ দ্বাৰা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন কি দৰে আগবঢ়াই নিব পাৰি তাৰ প্ৰচেষ্টা চলোৱাৰ লগতে গুজৰাট, মহাৰাষ্ট্ৰ, দিল্লী আদি ঠাইত ৰ’ড শ্ব' অনুষ্ঠিত কৰা হ’ব বুলিও প্ৰকাশ কৰে।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন সম্ভাৱনাপূৰ্ণ অঞ্চলসমূহ আৱিষ্কাৰ তথা উত্তৰণৰ ক্ষেত্ৰত তৎপৰতাৰে কাম আগবঢ়োৱা হ’ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি তেওঁ কয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল পৰ্যটনৰ এক প্ৰচুৰ সম্ভাৱনা ৷ এই পৰ্যটনৰ স’তে জড়িত উদ্যোগীসকলৰ উৎসাহ তথা সৃষ্টিশীল মনোভাৱে আগন্তুক দিনত যে পৰ্যটনক ন ৰূপ দিব তাক লৈ তেওঁ আশাবাদী ৷

Also Read: বেলতলাত জ্যেষ্ঠ নাগৰিক সন্মিলন,অসমৰ প্ৰতিষ্ঠা দিৱস

India Tourism