বটদ্রৱাত শ্রীশ্রী কৃষ্ণৰ দৌল যাত্ৰা মহোৎসবৰ ব্যাপক প্রস্তুতি

author-image
Asomiya Pratidin
New Update
বটদ্রৱাত শ্রীশ্রী কৃষ্ণৰ দৌল যাত্ৰা মহোৎসবৰ ব্যাপক প্রস্তুতি

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ জগত গুৰু শ্রীমন্ত শংকৰদেৱে ২১ বছৰ বয়সতে বটদ্রৱাত পোন প্রথম বাৰৰ বাবে দৌল উৎসৱ পাতিছিল; সেই ঐতিহ্যক সৰোগত কৰি মহা আড়ম্বৰপূৰ্ণ ভাবে প্রতি বছৰে দৌল উৎসৱ বা ফাকুৱা ফাল্গু পূৰ্নিমা তিথিত পালন কৰা হয়।

Advertisment

এই বছৰো ৬ মাৰ্চৰ পৰা ১০ মাৰ্চলৈ পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল উৎসৱ পালন কৰা বাবে যুদ্ধকালীন গতিৰে প্রস্তুতি চলিছে। চাৰি দিন বাকী থকা অৱস্থাত বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱৰ মাজত এক উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। পলাশ ফুল শুকুৱাই ভকত বৈষ্ণৱৰ বাবে নিৰ্মালী প্ৰস্তুতি কৰিছে।

উল্লেখ যে বটদ্ৰৱাৰ মূল উৎসৱ দৌল উৎসৱলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰায় ১০ লক্ষাধিক তীৰ্থযাত্ৰাীৰ আগমন ঘটে। অহা ৬ ৰ্মাচত গন্ধোৎসৱৰ সন্ধ্যা গোসাঁইক (শ্ৰীকৃষ্ণৰ মূতিভাগ) গায়ন বায়ন আৰু ভক্তসবে গাই বাই থানৰ ৰভাতলত স্থাপন কৰা হৱ। স্নান কাৰ্য সম্পাদনৰ পাছত গন্ধ তেলেৰে নোৱাই গোসাঁইক নতু্ন বস্ত্র পিন্ধোৱা হ'ব আৰু গায়ন বায়নে ‘ৰাম ধেমালী’ পৰিবেশন কৰিব।

ইয়াৰ পাছদিনা অথাৎ ৭ ৰ্মাচ ‘গোসাঁই মুৰত ফাকু দিয়া উৎসৱ’ৰ সন্ধ্যা গোসাঁইক নোৱাই ধোৱাই আসনত বহুৱাই সুবাসিত ফাকু দিয়া হ'ব আৰু গায়ন বায়নে ‘ন-ধেমালী’ পৰিবেশন কৰিব আৰু ভক্ত বৈষ্ণৱ সকলে ফাকু ৰ্নিমালী আৰু পদজল গ্রহন কৰিব। সেই উৰে নিশা গোসাঁইক ৰভাতলত ৰাখি ৰাজ্য খনৰ ভিন্ন প্রন্তৰ পৰা অহা ভক্ত বৈষ্ণৱে নাম কীৰ্তন কৰিব।

৮ ৰ্মাচৰ দিনা গোসাঁই ফুৰোৱা উৎসৱ। সেই দিনা ২ বজাত গায়ন বায়ন, ভকত-বৈষ্ণৱ, আই-মাতৃ সকলোৱে কৃষ্ণ গোসাঁইক ৰভাতলৰ পৰা উলিয়াই সুসজ্জিত দোলা ৰথত উঠাই দণ্ড, চক্র, ভেৰু, কালি, সো-মুখ শংঙ্খৰ ধ্বনি, আই সকলৰ জাউৰিয়ে জাউৰিয়ে বিয়া নামৰ লগত বৈচিত্রময় অসমীয়া জাতীয় জীৱনৰ বৰ্নিল সমাহাৰেৰে ফাকুৰ গুৰি সিচি সিচি চোঁৱৰ ধাৰীয়ে চোঁৱৰ বা দি দি দৌললে যাত্রা কৰিব।

দৌল মন্দিৰত গোসাঁইক পূজা অৰ্চনা দি সাত পাক পদক্ষিন কৰোৱাৰ পাছত পাছত গোসাঁইক বৰদোৱাৰ দুই সত্ৰ ক্ৰমে শ্ৰীশ্ৰী শলগুৰি আৰু শ্ৰীশ্ৰী নৰোৱা সত্ৰত পদক্ষিন কৰোৱাই লগতে সত্ৰাধিকাৰ, ডেকা সত্ৰাধিকাৰৰ ঘৰত প্ৰবেশ কৰোৱাই পূজা অৰ্চনা দি শেষত নিশা ৮ বজাত দুৱাৰ ধৰা নামৰ এটা বিশেষ অনুষ্ঠানৰ দ্বাৰা কীৰ্তন ঘৰত প্ৰবেশ কৰোৱা পাছতে দৌল যাত্রা উৎসৱৰ ধৰ্মীয় কাৰ্যসূচীৰ অন্ত পৰিব।

Also Read: কোকৰাঝাৰত গৃহস্থক অচেতন কৰি বনকৰা মহিলাই লুটি নিলে ধন -সোণ

Batadrawa