কোকৰাঝাৰত গৃহস্থক অচেতন কৰি বনকৰা মহিলাই লুটি নিলে ধন -সোণ

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰত গৃহস্থক অচেতন কৰি বনকৰা মহিলাই লুটি নিলে ধন -সোণ

ডিজিটেল সংবাদ, কোকৰাঝাৰ : বনকৰা মহিলাক লৈ সাবধান । এইবাৰ কোকৰাঝাৰত বনকৰা মহিলাই গৃহস্থৰ পৰা লুটি নিলে নগদ ধন , সোণৰ আ-অলংকাৰ । পৰিয়ালৰ তিনিও সদস্যকে অচেতন কৰি সন্ধা সাহা বুলি পৰিচয় দিয়া বনকৰা মহিলাগৰাকীয়ে ধন-সোণ লুটি নিয়াত কোকৰাঝাৰত চাঞ্চল্যৰ সৃষ্টি হৈছে ।

Advertisment

কোকৰাঝাৰৰ সদৰ চহৰৰ বিধানপল্লী নিউ কলনিত বসৱাস কৰা এপিডিচিএলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ৰঞ্জিত মণ্ডল (৬৪), সহধৰ্মিনী জয়শ্ৰী মণ্ডল (৫৮) আৰু তেওঁলোকৰ পুত্ৰ ৰাজদ্বীপ মণ্ডলে(৩৯) সন্ধা সাহা নামৰ এগৰাকী বনকৰা মহিলাক যোৱা ১৮ ফেব্ৰুৱাৰী পৰা কামত নিয়োজিত কৰিছিল । এপিডিচিএলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ৰঞ্জিত মণ্ডলে নিয়মানুসৰি বনকৰা মহিলাগৰাকীৰ তথ্য আৰু ফটো বিচৰাত বনকৰা মহিলাগৰাকীয়ে সদৰ চহৰৰে পাথৰঘাটত থকা ককায়েকৰ ঘৰত থকা বুলি কয় আৰু ককায়েকৰ ঘৰত গলে তথ্যখিনি লৈ আহিব বুলি কৈ ফটো উঠাৰ পৰা বিৰত থাকে ।

কালি নিশা পৰিয়ালটোৱে নিশাৰ আহাৰ গ্ৰহণ কৰাৰ সময়তে বনকৰা মহিলাগৰাকীয়ে খাদ্যৰ সতে অচিন দ্ৰব্য মিহলাই দিয়াৰ ফলত পৰিয়ালটোৰ তিনি সদস্যই অচেতন হৈ পৰে আৰু তাৰে সুযোগ গ্ৰহণ কৰি বনকৰা মহিলাগৰাকীয়ে ৰাজদ্বীপ মণ্ডলৰ মানিবেগৰ (পাৰ্টচ)পৰা ১৫ হাজাৰ , অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ৰঞ্জিত মণ্ডলৰ জমাধন , পৰিয়ালটোৱে চলাই অহা দোকানৰ পৰা সংগ্ৰহিত হোৱা নগদ ধন , দুডাল সোণৰ চেইন আদি ইত্যাদিকে ধৰি ২ -৩ লাখ টকা লুট কৰি নিয়া বুলি সন্দেহ কৰা হৈছে ।

ইপিনে আজি পিতৃগৃহৰ প্ৰথম মহলাত স্বামীসহিতে থকা ৰঞ্জিত মণ্ডলৰ বিবাহিত কন্যাই ৰাতিপুৱাই পিতৃ মাতৃ ৰুমৰ দৰজা খোলা দেখি সন্দেহবশত পিতৃ মাতৃৰ কোঠাত সোমাই হতচকিত হৈ পৰে । পিতৃ-মাতৃৰ লগতে ককায়েকক অচেতন অৱস্থাত দেখা পাই হুৱাদুৱা লগায় আৰু ওচৰ চুবুৰীয়াৰ সহযোগত কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় । কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ চিকিৎসা ব্যৱস্থাত সন্তষ্ট নহৈ তথা চিকিৎসকৰ গাফিলতিত অসন্তুষ্টি প্ৰকাশ কৰি পৰিয়ালৰ লোকে কোকৰাঝাৰৰে এখন ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোমত ভৰ্তি কৰায় ।বাতৰি লিখা পৰলৈকে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ৰঞ্জিত মণ্ডল আৰু তেওঁৰ সহধৰ্মিনী জয়শ্ৰী মণ্ডল আইচিউত অচেতন অৱস্থাত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে তেওঁলোকৰ পুত্ৰ ৰাজদ্বীপ মণ্ডলৰ চেতনা ঘূৰি আহিছে ।

ঘটনা সন্দৰ্ভত কোকৰাঝাৰ সদৰ থানাত এজাহাৰ দাখিল কৰা হৈছে । বনকৰা মহিলাই এনেদৰে কৌশলেৰে ধন -সোণ লুটি নিয়া কাৰ্যই কোকৰাঝাৰত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ।

Also Read: দুটা হস্ত নিৰ্মিত বোমা, পিস্তল সহ আটক এক

Assam police kokrajhar