কবি, সাহিত্যক, সাংবাদিক কৌস্তুভমণি হাজৰিকাৰ স্মাৰক গ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি

কবি, সাহিত্যক, সাংবাদিক কৌস্তুভমণি হাজৰিকাৰ স্মাৰক গ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি

ডিজিটেল সংবাদ ,গোলাঘাটঃ কেইবাখনো গ্ৰন্থৰ ৰচক, কবি, সাহিত্যক তথা সাংবাদিক কৌস্তুভমণি হাজৰিকাৰ এখনি স্মাৰক গ্ৰন্থ প্ৰকাশৰ যো-জা চলোৱা হৈছে। এই স্মাৰক গ্ৰন্থখনি প্ৰকাশ কৰিব তেওঁ প্ৰতিষ্ঠা কৰি থৈ যোৱা জাগৰণ প্ৰকাশনে।

গ্ৰন্থখন প্ৰকাশৰ বাবে জাগৰণ প্ৰকাশনৰ কাৰ্যালয়ত ১৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা সভাত এখন সম্পাদনা সমিতি গঠন কৰা হয় । হেমন্ত হাজৰিকাক সভাপতি আৰু দেৱৰাজ মহাবিদ্যালয়ৰ অধ্যাপক দেৱজিৎ ফুকনক মুখ্য সম্পাদক, সাংবাদিক দিগন্ত কুমাৰ বৰা আৰু কবি, সাহিত্যক দিগন্ত শইকীয়াক যুটীয়া সম্পাদক হিচাপে লৈ এখনি সমিতি গঠন কৰা হয়।

এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত উন্মোচন হ'বলগীয়া গ্ৰন্থখনত কৌস্তুভমণি হাজৰিকাৰ বিভিন্ন সাহিত্য কৰ্ম, নিৰ্বাচিত গল্প, প্ৰকাশিত প্ৰবন্ধই গ্ৰন্থখনত ঠাই পোৱাৰ লগতে তেওঁৰ লগত জড়িত বিভিন্ন শুভাকাংক্ষীৰ লেখা প্ৰকাশিত হ'ব। যি সকল ব্যক্তিয়ে লিখা পঠাব বিচাৰে তেওঁলোকে লেখা সমুহ rantujagaran@gmail.comত মেইল কৰিব পাৰিব বুলি সমিতিয়ে জনায়।

ইয়াৰ উপৰিও জাগৰণ প্ৰিণ্টাৰ্চ, চিত্ৰসেন কাকতি পথ, গোলাঘাট ঠিকনাত প্ৰেৰণ কৰিব পাৰিব। যিসকলে whatsapp ত লেখা পঠিয়াব বিচাৰে তেওঁলোকে 6001960010, 86382 24915, 9859622701অথবা 94352 92027 নম্বৰত প্ৰেৰণ কৰিব পাৰিব। লেখাসমূহ ১০ মাৰ্চৰ ভিতৰত পঠাব পাৰিব বুলি জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in