বাৰেৰহনীয়া সাংস্কৃতিক ঐতিহ্যৰে জিলিকি উঠিল শৰাইঘাটৰ বাকৰি

বাৰেৰহনীয়া সাংস্কৃতিক ঐতিহ্যৰে জিলিকি উঠিল শৰাইঘাটৰ বাকৰি

ডিজিটেল সংবাদ,চাংসাৰিঃ চাংসাৰিস্থিত উচ্চ শিক্ষাৰ অনুষ্ঠান শৰাইঘাট মহাবিদ্যালয়ত যোৱা ১৩ ফেব্ৰুৱাৰীত যুৱ মহোৎসৱ উপলক্ষে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। উল্লেখ্য যে মহাবিদ্যালয়ৰ প্ৰতিটো বিভাগে যোগদান কৰা শোভাযাত্ৰাত অতি দৃষ্টিনন্দনভাৱে উজলি উঠিছিল হিন্দু -মুছলমানৰ সম্প্ৰিতী, অসমীয়া বিয়াৰ বিভিন্ন পৰম্পৰা, উত্তৰ-পূব ভাৰতৰ বাঁহশিল্প আদি।

লগতে কেতবোৰ সামাজিক সমস্যা যেনে বাল্য বিবাহ, শিশু শ্ৰমিক, নাৰী নিৰ্যাতন, যৌতুক প্ৰথা, বিলুপ্তপ্ৰায় ওজাপালি, মহোহোকে আদি কৰি দিহানাম, জিকিৰ, ঝুমুৰ আদি । ভিন্নৰঙী নান্দনিক ৰূপত শোভাৱৰ্দ্ধন কৰা শোভাযাত্ৰাই বৃহত্তৰ চাংসাৰি অঞ্চলৰ সকলো মানুহকে মোহিত কৰে।

প্ৰতিযোগীতাত ১ম, ২য় আৰু ৩য় স্থান লাভ কৰে ক্ৰমে মহাবিদ্যালয়ৰ ইংৰাজী বিভাগ, শিক্ষা বিভাগ আৰু অসমীয়া বিভাগে । স্মৰ্তব্য যে অৰ্থনীতি আৰু ভূগোল বিভাগে যুটীয়াভাৱে ৪ৰ্থ স্থান লাভ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in