/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/a4c5b1b4-eee5-47e1-80ff-1441cbbc0ca5/t4.jpg)
ডিজিটেল সংবাদ, চৰাইদেউ : বুৰঞ্জী প্ৰসিদ্ধ চৰাইদেউ মৈদাম প্ৰাংগণত স্বৰ্গদেউসকলৰ সোঁৱৰণত উদযাপন কৰি অহা ৪২ খন শৰাই উচৰ্গা কৰা স্মৃতি তৰ্পণ অনুষ্ঠানটি অহা ১০ আৰু ১১ মাৰ্চত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে ৷ ইতিমধ্যে মৈদাম ক্ষেত্ৰত ৰোহিনী মহনৰ সভাপতিত্ব অনুষ্ঠিত হোৱা ৰাজহুৱা সভাই সত্যেন কোঁৱৰক সভাপতি, অতুল ৰাজকোঁৱৰক সম্পাদক আৰু বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক মুখ্য উপদেষ্টা হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰে।
এইবছৰ ৭১ সংখ্যক বৰ্ষৰ তৰ্পণ অনুষ্ঠানটি প্ৰথম দিনা পুৱা লাংকুৰি দেওশালত চোমদেউলৈ পায়স অৰ্পণ, বন্তি প্ৰজ্বলন, নাম কীৰ্ত্তন অনুষ্ঠিত হ’ব। দ্বিতীয় দিনা পুৱা পতাকা উত্তোলন, বান্ ফি পূজা, ৪২ খন শৰাই অৰ্পণ লগতে এখনি মুকলি সভা অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে ৷
শনিবাৰে মৈদাম থলীৰ এটি আয়োজক সমিতিৰ কাৰ্যালয় মুকলি কৰা হয় ৷ কাৰ্যালয়টো মুকলি কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৷
উল্লেখ যে ত্ৰয়োদশ শতিকাত সুদূৰ পাটকাইৰ সিপাৰৰ পৰা আহি অসমত আহোম ৰাজ্য প্ৰতিষ্ঠাৰ যোগেদি বৰ অসমৰ সপোন দেখা চাওলুং চুকাফাৰ লগতে আন স্বৰ্গদেউ আৰু ডা- ডাঙৰীয়াসকলৰ পুণ্যাত্মাৰ প্ৰতি শ্ৰদ্ধা জনাই ১৯৫২ চনৰ পৰা ধাৰাবাহিকভাৱে ঐতিহাসিক চৰাইদেউ মৈদাম থলীত এই স্মৃতি তৰ্পণ অনুষ্ঠানটি পালন কৰি অহা হৈছে ৷ উক্ত কাৰ্যসূচীত সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাই ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/5309e0f5-f5e7-422d-87d4-72ee878c4662/51fc30f5_d664_43c4_afc4_b05c4acac397.jpg)
Also Read: শিক্ষা বিষয়া বুদ্ধদেৱ কটকীৰ বাসভৱনত আৰক্ষীৰ অভিযান