বিশ্বৰ লগতে অসমতো শনিবাৰে ঈদ : পুৱাৰ পৰাই সমূহীয়া নামাজকে ধৰি ব্যাপক আয়োজন

পুৱাৰ নামাজৰ দ্বাৰাই সকলোৱে বান্ধ খাব প্ৰেম-ভাতৃত্ববোধৰ এনাজৰীৰ ডোলেৰে
বিশ্বৰ লগতে অসমতো শনিবাৰে ঈদ : পুৱাৰ পৰাই সমূহীয়া নামাজকে ধৰি ব্যাপক আয়োজন

ডিজিটেল ডেস্কঃ অন্ত পৰিব ৰমজানৰ ৰোজা। শনিবাৰে পুৱাই পবিত্ৰ ঈদ-উল-ফিৎৰ উদযাপনৰ বিশ্বজোৰা ব্যাপক আয়োজন। অসমো পিচ পৰি ৰোৱা নাই। হিলাল সমিতিয়ে ঈদ সম্পৰ্কীয় ঘোষণা জাৰি কৰাৰ লগে লগে ইছলাম ধৰ্মালম্বী সকলো নামি পৰিছে সমূহীয়া নামাজৰ লগতে পৰিয়ালে পৰিয়ালে পালন কৰিব লগা উৎসৱৰ আয়োজনত।

বিভিন্ন ধৰ্মালম্বী লোকক ধৰ্মালম্বী বন্ধু-বান্ধৱকো উৎসৱ উপলক্ষে নিমন্ত্ৰণ জনোৱা হৈছে। ইফালে দেশৰ বিভিন্ন প্ৰান্তত বাস কৰা ইছলাম ধৰ্মালম্বী লোকসকল বৃহস্পতিবাৰেই আপোন ঘৰখনলৈ ঢাপলি মেলিছে অসংখ্য ইছলাম ধৰ্মালম্বীলোকে ।

তেওঁলোকৰ মনত ঈদকলৈ ব্যাপক উছাহ। বজাৰে বজাৰে ভিৰ কৰিছে। পৰিয়ালৰ বাবে নতুন কানি-কাপোৰৰ লগতে বিবিধ সুস্বাদু খাদ্য ইত্যাদিকলৈ পাৰভগা উৎসাহ-উদ্দীপনা। পুৱাৰ নামাজৰ দ্বাৰাই সকলোৱে বান্ধ খাব প্ৰেম-ভাতৃত্ববোধৰ এনাজৰীৰ ডোলেৰে।

বিশ্বৰ লগতে অসমতো শনিবাৰে ঈদ : পুৱাৰ পৰাই সমূহীয়া নামাজকে ধৰি ব্যাপক আয়োজন
গহপুৰত আয়োজন কৰা বিহুৱতী ফটো প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in