জামুগুৰিৰ ৩৫৫ বছৰীয়া ঐতিহাসিক গৰখীয়া থানত দৌল উৎসৱৰ আয়োজন

জামুগুৰিৰ ৩৫৫ বছৰীয়া ঐতিহাসিক গৰখীয়া থানত দৌল উৎসৱৰ আয়োজন

ডিজিটেল সংবাদ,বেবেজীয়া : আন আন প্ৰান্তৰ লগতে নগাঁও জিলাৰ জামুগুৰিৰ ৩৫৫ বছৰীয়া ঐতিহাসিক গৰখীয়া থানটো দৌল উৎসৱৰ আয়োজন কৰা হৈছে । ১৯৯৩ চনৰে পৰা অনুষ্ঠিত হৈ অহা এই ৩০ সংখ্যক দৌল উৎসৱৰ এইবাৰ চাৰিদিনীয়া অনুষ্ঠানৰ কাৰ্যসূচী সোমবাৰে উন্মোচন কৰা হয় ।

অহা ৬ মাৰ্চৰ পৰা ৯ মাৰ্চলৈকে অনুষ্ঠিত হ'বলগীয়া এই দৌল উৎসৱৰ কাৰ্যসূচীৰ অংশৰূপে ধৰ্মধ্বজা উত্তোলন,নাম-প্ৰসংগ,প্ৰদৰ্শনী,ভাওনা,শিশু কৃষ্ণ নৃত্য প্ৰতিযোগিতা,গোসাঁই স্নান,হোলী খেলা আৰু শোভাযাত্ৰা,গোসাঁই ফুৰোৱা উৎসৱ আদি অনুষ্ঠিত হ'ব বুলি আয়োজক সমিতিয়ে জনায় । সোমবাৰে এক সংবাদ মেলযোগে গৰখীয়া থানৰ দৌল উৎসৱৰ প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে উদযাপন সমিতিৰ সম্পাদক অনিল চন্দ্ৰ নাথে ।

সমূহ কাৰ্যসূচীতে সকলো ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে ।

জামুগুৰিৰ ৩৫৫ বছৰীয়া ঐতিহাসিক গৰখীয়া থানত দৌল উৎসৱৰ আয়োজন
চাংসাৰীৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ'ল এজনৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in