মথুৰাপুৰত ব’হাগী উৎসৱৰ ব্যাপক প্ৰস্তুতি

নিশা জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাসৰ গীতৰ শৰাই
মথুৰাপুৰত ব’হাগী উৎসৱৰ ব্যাপক প্ৰস্তুতি

ডিজিটেল সংবাদ,মথুৰাপুৰঃ বিগত বৰ্ষৰ দৰে এই বছৰো চৰাইদেউ জিলাৰ বৃহত্তৰ মথুৰাপুৰবাসীৰ ৰাইজৰ সন্মিলিত প্ৰচেষ্টাত চতুৰ্দশ বাৰ্ষিক ব’হাগী উৎসৱৰ ব্যাপক প্ৰস্তুতি চলিছে ৷ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা ১১ আৰু ১২ মে’ত মথুৰাপুৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া সন্মিলনখনি সুচাৰুৰূপে পৰিচালনা কৰা উদ্দেশ্য ইতিমধ্যে জীতেন ৰাজকোঁৱৰক সভাপতি,দ্বীপেন ফুকনক কাৰ্যকৰী সভাপতি আৰু জিন্টু গগৈক সম্পাদক হিচাপে লৈ এখনি বিহু উদযাপন সমিতি গঠন কৰে।

উদযাপন সমিতিয়ে জনোৱা অনুসৰি প্ৰথম দিনা বিহুৱান উত্তোলন, স্মৃতি তৰ্পণ , আৰু বৃক্ষৰোপণৰ পিচতেই বিহুৱান,চিত্ৰাংকন,ৰচনা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ৷ সন্ধিয়ালৈ আমন্ত্ৰিত হুঁচৰি আৰু জেংবিহু দলে বিহু প্ৰদৰ্শন কৰিব ৷

আনহাতে দ্বিতীয় দিনা কণী যুঁজ , ঢোলবাদন প্ৰতিযোগিতা আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ'ব ৷ নিশা জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাসৰ গীতৰ শৰাই। বিহুৰ দুয়োদিনৰ কাৰ্য্যসূচীত উদ্যোক্তাই ৰাইজৰ সহযোগিতা কামনা কৰিছে ৷

মথুৰাপুৰত ব’হাগী উৎসৱৰ ব্যাপক প্ৰস্তুতি
কামপুৰ মহাবিদ্যালয়ৰ বাকৰিত "হেঁপাহৰ ৰঙালী উৎসৱ ২০২৩"

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in