কামপুৰ মহাবিদ্যালয়ৰ বাকৰিত "হেঁপাহৰ ৰঙালী উৎসৱ ২০২৩"

বিচাৰকৰ আসন অলংকৃত কৰে সাহিত্যক পেঞ্চনাৰ মোলান লস্কৰ আৰু গহীন শইকীয়াই। অনুষ্ঠানটিৰ আঁত ধৰে ড০ প্ৰশান্ত কুমাৰ দাসে
কামপুৰ মহাবিদ্যালয়ৰ বাকৰিত "হেঁপাহৰ ৰঙালী উৎসৱ ২০২৩"

ডিজিটেল সংবাদ,কামপুৰ : এতিয়া ৰঙালী বিহুৰ বতৰ । ৰাজ্যৰ চৌদিশে এতিয়া ৰঙালীৰ পাৰ ভঙা উচাহ । ইয়াৰ মাজতে বৃহস্পতিবাৰে নগাঁও জিলাৰ কামপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ কল্যাণ লগতে প্ৰাক্তন ছাত্ৰ -ছাত্ৰী সন্মিলনীৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত কামপুৰ মহাবিদ্যালয়ত "হেঁপাহৰ ৰঙালী উৎসৱ ২০২৩ " অনুষ্ঠিত হয়।

এই উপলক্ষে পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কামপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অসীম কুমাৰ বৰাই আৰু ছহিদ তৰ্পন কৰে প্ৰাক্তন ছাত্ৰ -ছাত্ৰী সন্মিলনৰ সভাপতি প্ৰশান্ত শৰ্মাই।

ইয়াৰ পিছতে বৃক্ষৰোপন কাৰ্যসূচীৰ আৰম্ভ কৰে মহাবিদ্যালয়ৰ উপাধ্যক্ষা মিনি দেৱীয়ে। কামপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা জ্যেষ্ঠ সাংস্কৃতিক কৰ্মী ৰাজ কুমাৰ ৰবি দাসে সাংস্কৃতিক কাৰ্যসূচীৰ বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে।

আয়োজক সমিতিয়ে জনোৱা অনুসৰি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী তথা কামপুৰ পৌৰ সভাৰ ৱাৰ্ড কমিচনাৰ অংকুমনি ৰয় শইকীয়া আৰু মালবিকা বৰাৰ নেতৃত্বত অনুষ্ঠিত হয় জেং বিহু। কামপুৰ মহাবিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় ,কামপুৰ শংকৰদেৱ বিদ্যা নিকেতন, কামপুৰ বাহাকাবাৰী হাইস্কুল, কামপুৰ গুৰুকুল স্কুলকে ধৰি কেইবাখনো বিদ্যালয়ে মুকলি বিহু প্ৰদৰ্শন কৰে।

ইয়াৰোপৰি কামপুৰ মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ মাজত অনুষ্ঠিত হয় দলীয় বিহু নৃত্য প্ৰতিযোগিতা । কামপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীসকলৰ দ্বাৰা কাৰ্বি লোকনৃত্য দলৰ অনুষ্ঠান প্ৰদৰ্শন কৰা লগতে একক বিহুনাচ প্ৰদৰ্শন কৰে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী অংকুমনি ৰয় শইকীয়াই।

অনুষ্ঠানতে কামপুৰ অঞ্চলৰ দুই জ্যেষ্ঠ সাংবাদিক তথা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ৰূপ জ্যোতি ভূঞা আৰু ৰাজু শইকীয়াক সম্বৰ্ধনা জনায় । আজিৰ অনুষ্ঠানটিত উপস্থিত থাকে কামপুৰ মহাবিদ্যালয় প্ৰাক্তন অধ্যক্ষ সভাৰাম মজুমদাৰ,কামপুৰ পৌৰসভাৰ পৌৰপতি ধৰিত্ৰী বৰুৱা নগাঁও জিলা শাখা সাহিত্য সভাৰ সভাপতি ৰেৱত কুমাৰ হাজৰিকা ,কামপুৰ শাখা সাহিত্য সভাৰ সভাপতি - সম্পাদক ক্ৰমে লক্ষী কান্তু নাথ আৰু শৰৎ গোস্বামী,কামপুৰ শাখা কবি সন্মিলনৰ সম্পাদক প্ৰদ্যুন্ম বৰা,কামপুৰ প্ৰিণ্ট মিডিয়াৰ সম্পাদক সমৰেন্দ্ৰ নাৰায়ন বৰা,সাংবাদিক পেঞ্চনাৰ নলিনী বৰঠাকুৰ,ছাত্ৰ কল্যাণ কোষৰ আহ্বয়িকা দীপামনি দাস আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষৰ দীপ কলিতা,দেৱাশীষ শইকীয়া,প্ৰাক্তন ছাত্ৰ -ছাত্ৰী সন্মিলনীৰ কাৰ্যকৰী সভাপতি -সম্পাদক ক্ৰমে অমিয় কুমাৰ বৰা আৰু সম্পাদক প্ৰকাশ ভূঞাকে ধৰি মহাবিদ্যালয়ৰ প্ৰৱক্তা সকলে অংশ গ্ৰহন কৰে ।

মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হোৱা দলীয় বিহুনাচ প্ৰতিযোগিতাৰ বিচাৰকৰ আসন অলংকৃত কৰে সাহিত্যক পেঞ্চনাৰ মোলান লস্কৰ আৰু গহীন শইকীয়াই। অনুষ্ঠানটিৰ আঁত ধৰে ড০ প্ৰশান্ত কুমাৰ দাসে।

কামপুৰ মহাবিদ্যালয়ৰ বাকৰিত "হেঁপাহৰ ৰঙালী উৎসৱ ২০২৩"
আজি দেউৰীসকলৰ ইবাঁকু বিচ্চূ : ঢোল-পেঁপাৰ মাতত মুখৰিত নাৰায়ণপুৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in