নদুৱাৰত উপস্থিত প্ৰেমলাল গুঞ্জু

নদুৱাৰত উপস্থিত প্ৰেমলাল গুঞ্জু

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোণিতপুৰ লোকসভা সমষ্টিৰ পৰা দলীয় টিকট লাভ কৰাৰ পাছত কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰেমলাল গুঞ্জু নদুৱাৰ বিধানসভা সমষ্টিৰ জামুগুৰিহাটত উপস্থিত হৈ দলীয় নেতা কৰ্মীসকলৰ এখন সভাত অংশ গ্ৰহণ কৰে।

আগন্তুক লোকসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ নীতি আদৰ্শসমূহ ৰাইজৰ মাজলৈ গৈ প্ৰচাৰ চলাই ভোটাৰ ৰাইজক কংগ্ৰেছ দলৰ সপক্ষে ভোট গোটাবলৈ আহ্বান জনাই শোণিতপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গুঞ্জুৱে।

ইফালে যোৱা দীৰ্ঘদিন ধৰি কংগ্ৰেছ দলৰ হৈ সেৱা আগবঢ়াই অহাৰ পিছত এইবাৰ কংগ্ৰেছ দলে দলীয় টিকট প্ৰদান কৰাটো সৌভাগ্যৰ কথা বুলি উল্লেখ কৰে। সমাগত লোকসভাৰ নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীগৰাকী দুই লাখ ভোটৰ ব্যৱধানত জয় লাভ কৰিব বুলিও সাংবাদিকক ব্যক্ত কৰে।

নদুৱাৰত উপস্থিত প্ৰেমলাল গুঞ্জু
আত্মসহায়ক গোটৰ টকা লৈ ছফিকুললৈ পলাই গ'ল হিন্দু মহিলা!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in