আত্মসহায়ক গোটৰ টকা লৈ ছফিকুললৈ পলাই গ'ল হিন্দু মহিলা!

আত্মসহায়ক গোটৰ টকা লৈ ছফিকুললৈ পলাই গ'ল হিন্দু মহিলা!

ডিজিটেল ডেস্কঃ লাভ জেহাদ, অপহৰণ নে প্ৰেম? এইবাৰ আত্ম সহায়ক গোটৰ ধন লৈ উধাও গোটৰ সম্পাদিকা। অভিযোগ অনুসৰি পৰ পুৰষলৈ পলাই গৈ ধৰ্ম পৰিবৰ্তন কৰিলে দুই সন্তানৰ মাতৃয়ে।

বেংকৰ ঋণৰ কিস্তি পৰিশোধ কৰিব নোৱাৰি এতিয়া বিপদত পৰিছে কলিয়াবৰৰ শালনা আৰক্ষী চকীৰ অধীনস্থ লেংটেং ৰেকাপাহৰৰ ৰূপজ্যোতি আত্মসহায়ক গোটৰ এইসকল সদস্যা। কিয়নো গোটৰ ঋণৰ কিস্তিৰ বাবে জমা ৰখা ৬৭ হাজাৰ টকা লৈ উধাও হ'ল সম্পাদিকা।

যোৱা ৭ মাৰ্চত কলিয়াবৰৰ মিছাস্থ চেণ্ট্ৰেল বেংকত ধনখিন জমা দিবলৈ বুলি ওলাই গৈছিল ৰূপজ্যোতি আত্মসহায়ক গোটৰ সম্পাদিকা পপী বৰা। কিন্তু তাৰ পিছৰে পৰা সন্ধানহীন দুই সন্তানৰ মাতৃ পপী। অভিযোগ অনুসৰি মহিলাগৰাকীয়ে ৰূপহীহাটৰ ছফিকুল ইছলামলৈ পলাই গৈছে। ফলত আৰক্ষীৰ কাষ চাপিছে গোটৰ সদস্যাসকল। নিৰুদ্দিষ্ট মহিলাগৰাকীৰ স্বামীয়েও ছফিকুলে অপহৰণ কৰি নিয়া বুলি এজাহাৰ দাখিল কৰিছে।

আনহাতে এই সন্দৰ্ভত ছচিয়েল মিডিয়াত প্ৰকাশ পাইছে আন এক খবৰ। অভিযোগ অনুসৰি ছফিকুললৈ পলাই গৈ পপীয়ে ধৰ্ম সলনি কৰি নিজৰ নাম চুলতানা বেগমলৈ সলনি কৰিছে।

এতিয়া বিপাঙত পৰিছে গোটৰ সদস্যাসকলে। মহিলাগৰাকীয়ে লৈ যোৱা টকা ঘূৰাই বিচাৰিছে মহিলাসকলে।

আত্মসহায়ক গোটৰ টকা লৈ ছফিকুললৈ পলাই গ'ল হিন্দু মহিলা!
মিজোৰামত বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in