পঞ্চম অসম প্ৰীমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপ; ওদালগুৰি টাউন স্প'ৰ্টছ ক্লাৱৰ জয়

ওদালগুৰি জিলা ক্ৰিকেট সন্থাৰ উদ্যোগত ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত চলি আছে পঞ্চম অসম প্ৰীমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপ।

author-image
Asomiya Pratidin
New Update
পঞ্চম অসম প্ৰীমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপ; ওদালগুৰি টাউন স্প'ৰ্টছ ক্লাৱৰ জয়

ডিজিটেল সংবাদ, ওদালগুৰি: ওদালগুৰি জিলা ক্ৰিকেট সন্থাৰ উদ্যোগত ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত চলি আছে পঞ্চম অসম প্ৰীমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপ। সোমবাৰৰ চূড়ান্ত খেলখনত ওদালগুৰি টাউন স্প'ৰ্টছ ক্লাৱে ওৰাং জেনিথ ক্লাৱক ৮৪ ৰাণত পৰাস্ত কৰি প্ৰতিযোগিতাখনিৰ চূড়ান্ত খিতাপ দখল কৰে।

টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্তৰে টাউন স্প'ৰ্টছে নিৰ্দ্ধাৰিত ৪০ অভাৰত ৯ টাকৈ উইকেটৰ বিনিময়ত ২২৭ ৰাণ সংগ্ৰহ কৰে। টাউন স্প'ৰ্টছৰ কৌশিক দাসে ৫৩ ৰাণ আৰু হিমজ্যোতি শৰ্মাই ৫২ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ওৰাঙৰ আনন্তবীৰে পাঁচটা উইকেট দখল কৰে।

ইয়াৰ প্ৰত্যুত্তৰত বেট ধৰি ওৰাং জেনিথ ক্লাৱে ২৯.৪ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ১৪৩ ৰাণতে ইনিংছ সামৰে। ওৰাঙৰ বাবলু গোৱালাই ৪২ ৰাণৰ বৰঙণি আগবঢ়োৱাৰ লগতে টাউন স্প'ৰ্টছৰ সুমীত কুমাৰ ভগত আৰু ৰাজদ্বীপ নাথে তিনিটাকৈ উইকেট দখল কৰে।

প্ৰতিযোগিতাখনিৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে টাউন স্প'ৰ্টছৰ বিকাশ শৰ্মাই, চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে টাউন স্প'ৰ্টছৰ ৰাজদ্বীপ নাথে। ইফালে প্ৰতিযোগিতাখনিৰ চেম্পিয়ন দললৈ ট্ৰফী আৰু এক লাখ টকাৰ চেক প্ৰদান কৰে ওদালগুৰি পৌৰসভাৰ পৌৰপতি ৰাকেশ বড়োৱে।

লগতে বিজিত দলক ট্ৰফীসহ নগদ ধন প্ৰদান কৰে ওদালগুৰি জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক প্ৰনীল দৈমাৰীয়ে। উল্লেখ্য যে ওদালগুৰি টাউন স্প'ৰ্টছ ক্লাৱে দ্বিতীয়বাৰলৈ চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে।

আৰু পঢ়ক: স্বামী-স্ত্ৰীৰ সংঘাতৰ ভয়ংকৰ পৰিণতি, প্ৰাণ গ'ল লালচান আলীৰ...

assam