জাগীৰোড মহাবিদ্যালয়ত প্ৰাক ৰঙালী বিহু পালন...

প্ৰাক ৰঙালী বিহু পালন
প্ৰাক ৰঙালী বিহু পালন

ডিজিটেল ডেস্কঃ অসমীয়াৰ হেপাহকৰ ৰঙালী বিহু উপলক্ষে জাগীৰোড মহাবিদ্যালয়ৰ চৌহদত ছাত্ৰ একতা সভা আৰু আইকিউএচিৰ যুটীয়া উদ্যোগত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহুৰ আয়োজন কৰা হয় । এই উপলক্ষ্যে বৃহস্পতিবাৰে আয়োজিত বিহু অনুষ্ঠানত ৰাজ্য চৰকাৰৰ উপদেষ্টা ননীগোপাল মহন্ত সহিতে তেখেতৰ সহধৰ্মিনী গাৰ্গী শইকীয়া মহন্তক মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ ভবেন চন্দ্ৰ নেওগে আদৰণী জনায় ৷

শিক্ষা উপদেষ্টাগৰাকীয়ে মহাবিদ্যালয়খনত উপস্থিত মহাবিদ্যালয়খনিৰ উত্তৰণত সন্তোষ প্ৰকাশ কৰাৰ লগতে মহাবিদ্যালয়খনে NACC ৰ A+ গ্ৰেড লাভ কৰাক লৈ মহাবিদ্যালয়খনৰ পৰিয়ালক অভিন্দন জ্ঞাপন কৰে ৷

লগতে তেওঁ কয় যে মহাবিদ্যাসলয়খনে ইয়াৰ শৈক্ষিক উত্তৰণৰ জয়যাত্ৰা অব্যাহত ৰখাৰ বাবে পৰৱৰ্তী পদক্ষেপ হিচাপে স্বায়ত্ত্ব শাসিত মহাবিদ্যালয় হিচাপে আত্ম প্ৰকাশ কৰিবলৈ অধ্যক্ষৰ লগতে অধ্যাপক অধ্যাপিকাসকলক আহ্বান জনায় ৷

বিহু অনুষ্ঠানকলৈ মহাবিদ্যায়লয়খনলৈ আৰ্খিক অনুদান আগবঢ়োৱা প্ৰাক্তন ছাত্ৰ জিৎনাৰায়ণ শ্ৰীবাস্তৱ আৰু প্ৰাক্তন ছাত্ৰী সবিতা বৰাক মহাবিদ্যালয়ৰ তৰফৰ পৰা মানপত্ৰ প্ৰদান কৰি সম্বৰ্দনা প্ৰদান কৰা হয় ৷ আনহাতে আইকিউএচিৰ দুই বহিঃ সদস্য বিশিষ্ট সমাজ সেৱক প্ৰবীন কুমাৰ ডেকা আৰু সীতাজখলাৰ অধ্যক্ষ ৰাজীৱ শৰ্মাো সমেবৰ্ধনা জনোৱা হয় ৷

এই অনুষ্ঠানতে ৰেডিঅ’ জকী আৰ জে সুজিতাক ফুলাম গামোচাৰে সম্বৰ্দনা জনোৱা হয়৷ অনুষ্ঠানত ৰিমজিম বিহুৱা দলে প্ৰদৰেশন কৰা বিহুৱে সকলোকে আপ্লুত কৰে ৷

লগতে ছাত্ৰ একতা সভাৰ তৰফৰ পৰা সভাপতি অভিজিত মেধি, সাধাৰণ সম্পাদক দিজু ভৰালী, অধ্যক্ষ ড০ ভবেন চন্দ্ৰ নেওগে, উপাধ্যক্ষ ড০ পুৰুষোত্তম ভাণ্ডাৰী, আইকিউএচিৰ প্ৰাক্ৰন আৰু নৱ নিৰ্বাচিত সমন্বয়ক ক্ৰমে ড০ উৎপল ৰাজগুৰু আৰু ড০ ৰঞ্জন চৰকাৰক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ সমগ্ৰ অনুষ্ঠানটিত মহাবিদ্যালয়ৰখনৰ শিক্ষক, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী সকলোৱে অংশগ্ৰহণ কৰে ৷

প্ৰাক ৰঙালী বিহু পালন
নুমলীগড়ত নৃশংস হত্যাকাণ্ড...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in