/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/1d9dfb40-e1c8-44a3-8551-f05985dc129d/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল ডেস্কঃ আজি গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মদিন। ১৯৩৪ চনৰ ৩ অক্টোবৰ তাৰিখে কলিকতাত জন্ম গ্ৰহণ কৰিছিল প্ৰতিমা বৰুৱা পাণ্ডেয়ে। গোৱালপৰীয়া লোকসংগীত "হস্তীৰ কন্যা" গীতেৰে খ্যাতি অৰ্জন কৰা প্ৰতিমা বৰুৱা পাণ্ডে আছিল প্ৰকৃতিশ চন্দ্ৰ বৰুৱা(লালজী)ৰ কন্যা আৰু "দেৱদাস" খ্যাত চলচ্চিত্ৰ নিৰ্মাতা প্ৰমাথেশ বৰুৱাৰ ভতিজী।
"এৰা বাটৰ সুৰ"ৰ জৰিয়তে আত্ম প্ৰকাশ কৰা বৰুৱা পাণ্ডে আছিল পদ্মশ্ৰী সন্মানেৰে সন্মানীত এগৰাকী মহিলা। গোৱালপৰীয়া লোকগীতৰ জগতখনক আজি দানৰাও কলা, বেইল মাচে খেলি কৰে, ডুং নৰি ডুং, এক বাৰ হৰি ব'লৌ ৰচনা, কমলা সুন্দৰী নাচে, অ' বিৰিখ, মাটিৰ মানুস আদি একাধিক গীতৰ উপহাৰ দি গৈছে। সংগীত নাটক একাডেমীৰ পৰা লাভ কৰা সন্মানৰ লগতে কেইবাটাও ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে সন্মানিত বৰুৱা পাণ্ডেয়ে ২০০২ চনৰ ২৭ ডিচেম্বৰত ইহলীলা সম্বৰণ কৰে।
Also Read: পাণবাৰী সংৰক্ষিত বনাঞ্চলৰ মনোৰম দৃশ্যই মোহিব আপোনাক...