পাণবাৰী সংৰক্ষিত বনাঞ্চলৰ মনোৰম দৃশ্যই মোহিব আপোনাক...

পাণবাৰী সংৰক্ষিত বনাঞ্চলৰ মনোৰম দৃশ্যই মোহিব আপোনাক...

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাৰ বন্যপ্ৰাণী বিচৰণৰ অন্য এক মনোমোহা ক্ষেত্ৰ পাণবাৰী সংৰক্ষিত বনাঞ্চল ৷ কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথেৰে আহ্ যাহ্ কৰোতে সাধাৰণতে সকলোৰে দৃষ্টি নিবদ্ধ হয় পথটোৰ উত্তৰ দিশৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত ৷ বিপৰীতে প্ৰচাৰৰ অভাৱত পথৰ কাষতে থকা বিশাল বনাঞ্চলখনৰ বিষয়ে জ্ঞাত নহয় অধিক সংখ্যক লোক ৷ কাজিৰঙাৰ কহঁৰাৰ পৰা বোকাখাতৰ দিশত ১০ কিলোমিটাৰ মান দূৰত্বত ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দক্ষিণ দিশত অৱস্থিত পাণবাৰী সংৰক্ষিত বনাঞ্চল ৷

ৰাষ্ট্ৰীয় পথটোৰে সংলগ্ন প্ৰায় ৭কিলোমিটাৰ এলেকা আগুৰি আছে সংৰক্ষিত বনাঞ্চলখনে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তৃণভূমিৰ বিপৰীতে পাণবাৰী সংৰক্ষিত বনাঞ্চল ওখ ওখ কাঠনীৰে ভৰা ৷ ভিন্ন প্ৰজাতিৰ পক্ষীৰ আৱাসভূমি পাণবাৰী বনাঞ্চলে সংযোগ স্থাপন কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু কাৰ্বি আংলঙক। বহু সংখ্যক জান-জুৰিৰে মনোমোহা পানবাৰীত বিচৰণ কৰে বৃহৎ হাতীৰ জাকে ৷ কেতিয়াবা এই হাতীৰ জাকবোৰক দেখা পোৱা যায় কাষৰীয়া মেঠনি চাহবাগিচাত ৷ তদুপৰি হলৌবান্দৰ, হৰিণা, নাহৰফুটুকীকে ধৰি বিভিন্ন বন্যপ্ৰাণীৰ বিচৰণ ভূমি পাণবাৰী সংৰক্ষিত বনাঞ্চল ৷

গুৰুত্বপূৰ্ণ কথা যে বানৰ সময়ত কহঁৰা বনাঞ্চলৰ বহু বন্যজন্তুৰ আশ্ৰয়স্থল এই বনাঞ্চলখন ৷ কাজিৰঙাৰ অন্যতম কৰিডৰ পাণবাৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি খাদ্য আৰু আশ্ৰয়ৰ সন্ধানত বন্যজন্তুৱে ঢাপলি মেলে পাণবাৰীলৈ ৷ সুখবৰ যে কাজিৰঙাৰ পৰ্যটকৰ বাবে পাণবাৰীক আন এক নতুন সংযোজনৰ পৰিকল্পনা কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ বিশ্ব বন্যপ্ৰাণী সপ্তাহত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ এই পৰিকল্পনা পৰ্যটকৰ বাবে নিশ্চয় এক সুখবৰ ৷

পাণবাৰী সংৰক্ষিত বনাঞ্চলৰ মনোৰম দৃশ্যই মোহিব আপোনাক...
ৰাজ্যত পুনৰ বাল্য বিবাহৰ বিৰুদ্ধে অভিযান, আটক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in