/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/0f7d5e5f-5ebc-47a6-937c-a89577eceafd/WEB_PT_mood_of_assam.jpg)
প্ৰতিদিন টাইমৰ অপিনিয়ন পোলঃ অসমত জাতীয় সংগঠনৰ ভূমিকা, সমুজ্জ্বল ভট্টাচাৰ্যৰ প্ৰাসংগিকতা কিমান? চাওঁক সবিশেষ...
ডিজিটেল ডেস্কঃ বিজেপি চৰকাৰ দ্বিতীয়টো কাৰ্যকালৰ দুবছৰ সম্পূৰ্ণ হোৱাৰ সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সহযোগত প্রতিদিন টাইমে চলাইছিল অপিনিয়ন পোল। অনলাইন যোগে হোৱা এই অপিনিয়ন পোলত সোধা হৈছিল কেইবাটাও প্ৰশ্ন। সেই পোলৰ অন্তিম ৯ টা প্ৰশ্নৰ উত্তৰ প্ৰকাশ কৰা হৈছে। বুধবাৰে এই পোলৰ প্ৰথম ৯ টা, বৃহস্পতিবাৰে ৮ টা প্ৰশ্নৰ উত্তৰ সৈতে সবিশেষ প্ৰকাশ কৰা হৈছিল। আজি আগবঢ়োৱা হৈছে আজিৰ ৯ টা প্ৰশ্নৰ উত্তৰ।
১. প্রশ্ন আছিল ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আছুত থাকিব লাগেনে?
-
অসমৰ ৫৭.২২% লোকে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আছুত থকাটো বিচাৰে।
-
৪২.২৮%লোকে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই আছু ত্যাগ কৰাটো বিচাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/a632d732-f957-4d3b-9856-bad2a7cb87f8/1__1__min.jpg)
২. প্রশ্ন আছিল আপুনি বাতৰি কাকত পঢ়েনে?
-
অসমৰ ৬২.৪৫ শতাংশ লোকে বাতৰি কাকত পঢ়ে।
-
৩৭.৫৫ শতাংশ লোকে নপঢ়ে বাতৰি কাকত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/b9cb6e16-18c4-424c-9ad3-3dbeb3bb3d68/2__1__min.jpg)
৩. প্রশ্ন আছিল আপোনাৰ খবৰ সংগ্রহৰ মাধ্যম কি?
-
অসমৰ ১২.৫৫% লোকে বাতৰি কাকতক খবৰৰ মাধ্যম হিচাপে লয়।
-
৩৪.৪৪% লোকে টেলিভিশ্যনক খবৰৰ মাধ্যম হিচাপে লয়।
-
৫৩.০২%ই সামাজিক মাধ্যমক খবৰৰ মাধ্যম হিচাপে লয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/495c2390-2f00-43f5-9f41-572711152868/3__1__min.jpg)
৪. প্রশ্ন আছিল সামাজিক মাধ্যমত কিমান সময় অতিবাহিত কৰে?
-
ৰাজ্যৰ ৪১.৯৫%লোকে ১ঘণ্টা সময় অতিবাহিত কৰে সামাজিক মাধ্যমত
-
২৭.৪৩%ই ২ ঘণ্টাকৈ সময় অতিবাহিত কৰে সামাজিক মাধ্যমত
-
১৭.২%ই ৩ ঘণ্টাকৈ সময় অতিবাহিত কৰে সামাজিক মাধ্যমত
-
৪ঘণ্টাকৈ সময় সামাজিক মাধ্যমত অতিবাহিত কৰে ১৩% লোকে
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/4b31488a-5f1d-4870-976f-2323fbdb7266/4__1__min.jpg)
৫. প্রশ্ন আছিল সামাজিক মাধ্যমৰ তুচ্ছ বিষয়ে অসমক পৰিচালনা কৰে নেকি?
-
৬০.৪২% লোকৰ মতে সামাজিক মাধ্যমৰ তুচ্ছ বিষয়ত অসম ব্যস্ত।
-
৩৯.৫৮% লোকৰ মতে সামাজিক মাধ্যমৰ তুচ্ছ বিষয়ত অসম ব্যস্ত নহয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/898f7a7d-7a25-402a-b40f-2ae2663f02f0/5__1__min.jpg)
৬. প্রশ্ন আছিল অত্যাৱশ্যকীয় সামগ্রীৰ মূল্য বৃদ্ধিত জনতা জুৰুলা হয়নে?
-
ৰাজ্যৰ ৮৩.৯১%লোকৰ মতে ৰাইজ মূল্য বৃদ্ধিত অতিকে জুৰুলা।
-
১৩.০৪% লোকৰ মতে ৰাইজ মূল্য বৃদ্ধিত কিছু পৰিমাণে জুৰুলা।
-
২.৯৫% লোকৰ মতে মূল্য বৃদ্ধি হোৱা নাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/bf7d5be4-64f7-41d3-abe0-38680fbcfab3/6__1__min.jpg)
৭. প্রশ্ন আছিল অসমত জাতীয় সংগঠনৰ ভূমিকা কি?
-
৩৬.৪৮% লোকৰ মতে জাতীয় সংগঠন ৰাজ্যৰ বাবে বোজা।
-
৬৩.৫২%ৰ মতে জাতীয় সংগঠন প্রয়োজনীয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/3e7857b9-1c24-4248-aba5-5e23af73b789/7__1__min.jpg)
৮. প্রশ্ন আছিল আপুনি সুখীনে?
-
ৰাজ্যৰ ৪৮.৫৫% লোক সুখী।
-
উত্তৰ আৰু উজনি অসমৰ ৪৫.২৬% লোক সুখী।
-
নামনি অসমৰ ৪৮.৯৩% লোক সুখী।
-
ৰাজ্যৰ ৫১.৪৫% লোক সুখী নহয়।
-
উজনি আৰু উত্তৰ অসমৰ ৫৪.৭৩ % লোক সুখী নহয়।
-
নামনি অসমৰ ৫১.০৬% লোক সুখী নহয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/fa689720-9d3c-498a-8ed4-9148901fb3d8/8__1__min.jpg)
৯. প্রশ্ন আছিল বিহুৰ বিশ্ব অভিলেখ ভাল কাম আৰু গৌৰৱ নে সময়-ধনৰ অপচয়?
-
৬৩.৬% লোকৰ মতে বিহুৰ বিশ্ব অভিলেখ ভাল কাম আৰু গৌৰৱৰ বিষয়।
-
৩৬.৪% লোকৰ মতে বিহুৰ বিশ্ব অভিলেখ সময় আৰু ধনৰ অপচয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/759d14ef-ae48-40a5-a1a3-24dbb92103f4/9_min.jpg)