অচিন ৰোগৰ আতংক মঙলদৈৰ এখন গাঁও...

মঙলদৈৰ জলজলীৰ গৰনীয়াপাৰা গাঁৱত এক অচিন ৰোগে আতংকৰ সৃষ্টি কৰিছে ৷ বিগত এসপ্তাহৰ পৰা গাওঁখনৰ কেইবাটাও পৰিয়ালৰ শিশু আক্ৰান্ত হৈছে অচিন ৰোগত।
অচিন ৰোগত শিশু আক্ৰান্ত
অচিন ৰোগত শিশু আক্ৰান্ত

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈৰ জলজলীৰ গৰনীয়াপাৰা গাঁৱত এক অচিন ৰোগে আতংকৰ সৃষ্টি কৰিছে ৷ বিগত এসপ্তাহৰ পৰা গাওঁখনৰ কেইবাটাও পৰিয়ালৰ শিশু আক্ৰান্ত হৈছে অচিন ৰোগত।

শৌচ, তেজ, বমি ইত্যাদিত আক্ৰান্ত হৈ ইতিমধ্যে তিনিটি শিশুৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ৷ চিকিৎসা বিভাগৰ হেমাহিৰ অভিযোগ স্থানীয় গাওঁবাসীৰ ।

মঙলদৈৰ নিকটৱৰ্ত্তী জলজলী অঞ্চলৰ গৰনীয়াপাৰা গাঁৱৰ কেইবাটাও শিশু বিগত এসপ্তাহৰ পৰা শৌচ , তেজবমি আনকি চকুৰে তেজ নিৰ্গত হোৱা অচিন ৰোগত আক্ৰান্ত হয় ৷ হঠাৎ গাওঁখনৰ কেইবাটাও শিশু এই অচিন ৰোগত আক্ৰান্ত হোৱাৰ পিছত আতংকই বিৰাজ কৰিছে গাওঁখনত ৷

দৰং জিলা স্বাস্থ্যবিভাগে ইতিমধ্যে এই ঘটনাৰ ওপৰত প্ৰাৰম্ভিক ব্যৱস্থা গ্ৰহন কৰিছে । এই ক্ষেত্ৰত স্থানীয় ৰাইজ সন্তুষ্ট হ'ব পৰা নাই ৷ ইতিমধ্যে আতংকিত গাওঁবাসীয়ে এই অচিন ৰোগ প্ৰতিৰোধৰ বাবে উচিত ব্যৱস্থা গ্ৰহন কৰিবলৈ স্বাস্থ্য বিভাগ তথা মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে ৷

অচিন ৰোগত শিশু আক্ৰান্ত
গোলাঘাটত খালিস্থানী পতাকা দাহ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in