ভাগৱতীজনা শ্ৰী শ্ৰী বৰ এলেঙী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীযুত প্ৰতাপ চন্দ্ৰ মহন্তৰ দেহাৱসান...

ভাগৱতীজনা শ্ৰী শ্ৰী বৰ এলেঙী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীযুত প্ৰতাপ চন্দ্ৰ মহন্ত আৰু নাই...

author-image
Asomiya Pratidin
New Update
ভাগৱতীজনা শ্ৰী শ্ৰী বৰ এলেঙী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীযুত প্ৰতাপ চন্দ্ৰ মহন্তৰ দেহাৱসান...

ভাগৱতীজনা শ্ৰী শ্ৰী বৰ এলেঙী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীযুত প্ৰতাপ চন্দ্ৰ মহন্ত আৰু নাই...

ডিজিটেল ডেস্কঃ ভাগৱতীজনা শ্ৰী শ্ৰী বৰ এলেঙী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীযুত প্ৰতাপ চন্দ্ৰ মহন্ত আৰু নাই। যোৱা শনিবাৰে বিয়লি ৫বজাত গুৱাহাটী চিকিতসা মহাবিদ্যালয় হস্পাতালত মহাপ্ৰয়াণ ঘটে সত্ৰাধিকাৰগৰাকীৰ। সামাজিক জীৱনৰ সৈতে কেইবাটাও দশত ওতঃপোতভাৱে জড়িত হৈ থকা সত্ৰাধিকাৰগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ যোৰহাটৰ লগতে তিতাবৰ অঞ্চলত।

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে, অসম চৰকাৰৰ উপসচিব হিচাপে কাৰ্যনিৰ্বাহ কৰা শ্ৰীযুত প্ৰতাপ চন্দ্ৰ মহন্ত ২০১০চনত অৱসৰ গ্ৰহণ কৰিছিল। গুৱাহাটীৰ চানমাৰিৰ পিয়লি ফুকন নগৰৰ স্থায়ীভাৱে বাস কৰা মহন্তৰ মৃত্যুত এতিয়া পিয়লি ফুকন নগৰত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।

মৃত্যুৰ সময়ত তেওঁ ইহঃসংসাৰত এৰি থৈ যায় পত্নীৰ সহিতে দুই পুত্ৰ-বোৱাৰী, এগৰাকী কন্যা- জোৱাই, নাতি-নাতিনীক এৰি থৈ গৈছে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৪বছৰ।

Also Read: কলিয়াবৰত পথ দুৰ্ঘটনাত নিহত বাইক আৰোহী...

যোৰহাট এলেঙী সত্ৰ