কলিয়াবৰত পথ দুৰ্ঘটনাত নিহত বাইক আৰোহী...

কলিয়াবৰত পথ দুৰ্ঘটনাত নিহত বাইক আৰোহী...

author-image
Asomiya Pratidin
New Update
কলিয়াবৰত পথ দুৰ্ঘটনাত নিহত বাইক আৰোহী...

কলিয়াবৰত পথ দুৰ্ঘটনাত নিহত বাইক আৰোহী...

ডিজিটেল সংবাদ,কলিয়াবৰঃকলিয়াবৰ মহকুমাৰ জখলাবন্ধা আমগুৰিত দেওবাৰে বিয়লি অচিনাকী বাহনৰ খুন্দাত এজন বাইক আৰোহী থিতাতে মৃত্যু ঘটে । মৃত যুৱকজনক আমগুৰি চাঙৰ লক্ষীৰাম বে(৩২) বুলি চিনাক্ত কৰা হৈছে । জানিব পৰা মতে, টি এন ০৬ জে ১৮৭৬ নম্বৰৰ বাইকেৰে ৩৭ নং ৰাষ্ট্ৰীয় পথৰে জখলাবন্ধাৰ দিশে আহি থকাৰ সময়তে আমগুৰিত উজনিমূৱা তীব্ৰবেগী বাহনে খুন্দিয়াই পেলাই থৈ যায় বাইক আৰোহী লক্ষীৰাম বে’ক ।

Advertisment

স্থানীয় লোকে দুৰ্ঘটনাৰ শব্দ শুনা পাই আহি বাইক আৰোহী যুৱক জনক মৃত অৱস্থাত উদ্ধাৰ কৰে ‌ । দুৰঘটনা সংঘটিত কৰা আনখন বাহনৰ সন্ধান সম্প্ৰতিও লাভ কৰা নাই আৰক্ষীয়ে ।

Also Read: ৰুটী পেলায় নিদি এইদৰে ব্যৱহাৰ কৰক আৰু ধুনীয়া হৈ থাকক

কলিয়াবৰ পথ দুৰ্ঘটনা