জাত-পাতৰ বিচাৰ ! পত্নী ব্ৰাহ্মণ সম্প্ৰদায়ৰ নোহোৱাৰ বাবেই মৃত পিতৃক স্পৰ্শও কৰিব নোৱাৰিলে সন্তানে...

জাত-পাতৰ বিচাৰ ! পত্নী ব্ৰাহ্মণ সম্প্ৰদায়ৰ নোহোৱাৰ বাবেই মৃত পিতৃক স্পৰ্শও কৰিব নোৱাৰিলে সন্তানে...

author-image
Asomiya Pratidin
New Update
জাত-পাতৰ বিচাৰ ! পত্নী ব্ৰাহ্মণ সম্প্ৰদায়ৰ নোহোৱাৰ বাবেই মৃত পিতৃক স্পৰ্শও কৰিব নোৱাৰিলে সন্তানে...

জাত-পাতৰ বিচাৰ ! পত্নী ব্ৰাহ্মণ সম্প্ৰদায়ৰ নোহোৱাৰ বাবেই মৃত পিতৃক স্পৰ্শও কৰিব নোৱাৰিলে সন্তানে...

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ পোহৰলৈ আহিছে জাত-পাতৰ এক কলংকিত অধ্যায়। এগৰাকী অসৱৰ্ণ যুৱতীক বিয়া কৰোৱাৰ বাবেই ব্ৰাহ্মণ সম্প্ৰদায়ৰ এগৰাকী যুৱকে নোৱাৰিলে পিতৃৰ মৃতদেহ কান্ধত ল'বলৈ। নোৱাৰিলে প্ৰয়াত পিতৃক শেষ শ্ৰদ্ধা জনাবলৈ।

Advertisment

এই ঘটনা সংঘটিত হৈছে ওদালগুৰিত। ওদালগুৰিৰ কলাইগাঁৱৰ সম্ভ্ৰান্ত পৰিয়ালৰ যুৱক প্ৰাণজিৎ শাণ্ডিল্যৰ লগত সংঘটিত হৈছে এই ঘটনা।

প্ৰকাশিত খবৰ অনুসৰি প্ৰাণজিৎ শাণ্ডিল্যই আজিৰ পৰা প্ৰায় ৩ বছৰ পূৰ্বে এগৰাকী বৈশ্য সম্প্ৰদায়ৰ যুৱতীৰ সৈতে প্ৰেম বিবাহ কৰিছিল। এয়াই আছিল প্ৰাণজিৎৰ অপৰাধ।

যাৰ বাবে তেওঁক ঘৰৰ পৰা বাহিৰ কৰি দিয়া হৈছিল।ঘৰৰ একমাত্ৰ সন্তান হোৱাৰ পিছতো অসৱৰ্ণ বিবাহৰ অপৰাধত পৰিয়ালৰ লোকে ঘৰৰ পৰা উলিয়াই দিয়াৰ বাবে প্ৰাণজিৎ শাণ্ডিল্যই বিগত দিনবোৰ ভাড়া ঘৰতেই পাৰ কৰিছে।  কেৱল সেয়াই নহয়, পৰিয়ালে তেওঁৰ সৈতে সকলো সম্পৰ্কও ছেদ কৰিছে। বিগত ৩ বছৰে এইদৰেই পাৰ হৈছিল সময়।

কিন্তু যোৱা ২৪ জানুৱাৰীত প্ৰাণজিৎৰ পিতৃৰ হঠাত বিয়োগ হয়। পিতৃৰ বিয়োগত প্ৰাণজিৎ পিতৃ গৃহত গৈ উপস্থিত হয় যদিও পিতৃৰ শেষ যাত্ৰাৰ সময়ত শৱদেহ কান্ধত ল'বলৈ নিদিলে পৰিয়ালৰ লোকে। আনকি প্ৰাণজিৎক প্ৰায়ত পিতৃক শেষ শ্ৰদ্ধাও জনাবলৈ সুযোগ দিয়া নহ'ল।

জানিব পৰা মতে পিতৃৰ মৃত্যুত শোকাহত প্ৰাণজিতক পৰিয়ালৰ একাংশ লোকে সমবদেনা জনোৱাৰ বিপৰীতে অপমান কৰি ঘৰৰ পৰা বাহিৰ কৰি দিয়ে। উপায়ন্তৰ হৈ প্ৰাণজিৎ এতিয়া কাষ চাপিছে আৰক্ষীৰ।

পিতৃৰ শেষ যাত্ৰাত অংশগ্ৰহণৰ পৰা বঞ্চিত কৰা আৰু অপমান কৰি নিজ গৃহৰ পৰাই বাহিৰ কৰি দিয়াৰ বাবে পৰিয়ালৰ কেইবাজনো লোকৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ।

জাত-পাতৰ এই কলংকিত অধ্যায়ৰ সৈতে জড়িত হৈ আছে প্ৰাণজিৎ শাণ্ডিল্যৰ খুৰাক মৌজাদাৰ কমল প্ৰসাদ শৰ্মা, উৎপল শৰ্মা, ভনী জোঁৱাই  প্ৰণৱ জ্যোতি গোস্বামী আৰু ধ্ৰুৱজ্যোতি শৰ্মা নামৰ পৰিয়ালৰ লোক কেইজন।

Also Read: হাতত জুইশিখা লৈ কাজিৰঙাত 'আল্ট্ৰা ৰাণ- ২০২৩' মুকলি জুবিনৰ...

অসৱৰ্ণ বিবাহ জাত-পাতৰ বিচাৰ