পানবাৰীস্থিত শীতলীকৰণ ভঁৰালক লৈ সন্তুষ্ট নহয় বোকাখতীয়া কৃষক...

২০১৬ চনৰ বিধান সভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বৰ্তমানৰ জেষ্ঠ কেবিনেট মন্ত্ৰী, বোকাখাতৰ বিধায়ক অতুল বৰাই নিৰ্বাচনী ইষ্টাহাৰত ঘোষণা কৰিছিল বোকাখাতত এটা শীতলীকৰণ ভঁৰাল স্থাপনৰ কথা।
শীতলীকৰণ ভঁৰাল
শীতলীকৰণ ভঁৰাল

ডিজিটেল সংবাদ, বোকাখাতঃ ২০১৬ চনৰ বিধান সভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বৰ্তমানৰ জেষ্ঠ কেবিনেট মন্ত্ৰী, বোকাখাতৰ বিধায়ক অতুল বৰাই নিৰ্বাচনী ইষ্টাহাৰত ঘোষণা কৰিছিল বোকাখাতত এটা শীতলীকৰণ ভঁৰাল স্থাপনৰ কথা।

পিছে বিধায়ক গৰাকীৰ প্ৰথমটো কাৰ্যকালত সেয়া সম্ভৱ নহ'লগৈ যদিও বোকাখাত সমষ্টিৰ কৃষকৰ নেৰানেপেৰা দাবীত সমষ্টিটোৰ পানবাৰী কৃষি নিগমৰ ভূমিত কৃষি বিভাগৰ পুঁজিৰ বিপৰিতে অৱশেষত নুমলীগড় শোধনাগাড়ৰৰ সামাজিক উন্নয়ণ পুঁজিৰ টকাৰে নিৰ্মাণ হ’ল শিতলীকৰণ ভঁৰালটো ।

২০২২ চনৰ ১৭ চেপ্তেম্বৰত উদ্ধোধন কৰা হৈছিল বহু আকাংক্ষিত সমষ্টিবাসীৰ শিতলীকৰণ ভঁৰালটো । পিছে মজলীয়া আকাৰৰ বাকচ আকৃতিৰ চাৰিটা সৌৰ শক্তি চালিত শীতলীকৰণ ভঁৰাল স্থাপন কৰা হ'ল যদিও ই প্ৰকৃতাৰ্থত সমষ্টিটোৰ কৃষকে বীজ আৰু উৎপাদিত ফচল সাঁচি ৰাখিব পৰাকৈ উপযুক্ত হ'বনে এইলৈ সম্প্ৰতি সমষ্টিবাসী কৃষকে প্ৰশ্ন উত্থাপন কৰিছে।

কিয়নো বৃহত্তৰ বোকাখাত সমষ্টিৰ কৃষক সকলৰ উৎপাদিত ফচল বা বীজ সাঁচি ৰাখিব পৰাকৈ বাকচ আকৃতিৰ শীতলীকৰণ ভঁৰাল চাৰিটা পৰ্যাপ্ত নহ'ব বুলি বুলি মত প্ৰকাশ কৰিছে বোকাখাত সমষ্টিৰ একাংশ প্ৰগতিশীল কৃষকে ।

এই সন্দৰ্ভত এগৰাকী কৃষকে ক্ষোভ প্ৰকাশ কৰি কয় যে বোকাখাতৰ পানবাৰীত যি চাৰিটা শীতলী ভঁৰাল স্থাপন কৰিলে সেয়া ইমান ডাঙৰ বোকাখাত সমষ্টিটোৰ কৃষকৰ বাবে পৰ্যাপ্ত নহ'ব । তদুপৰি এখন পঞ্চায়তৰ যদি পাঁচজন কৃষকেও তাত বীজ বা উৎপাদিত ফচল থ'বলৈ যায় তেনেহলে ফচল থবলৈ পৰ্যাপ্ত ঠাই হ'ব বুলি আশা কৰিব নোৱাৰি মন্তব্য প্ৰদান কৰিছে কৃষকগৰাকীয়ে ।

ইফালে ২০১৬ চনৰ নিৰ্বাচনৰ সময়ত বৰ্তমানৰ বোকাখাতৰ বিধায়ক তথা জেষ্ঠ কেবিনেট মন্ত্ৰী গৰাকীয়ে যেনেধৰণৰ এটা শীতলী ভঁৰাল বোকাখাতত স্থাপন কৰাৰ আশ্বাস বা এক প্ৰকাৰ নিৰ্বাচনী টোপ দিছিল তেনেধৰণৰ এটা বৃহৎ শীতলী ভঁৰাল স্থাপন নকৰাৰ অভিযোগ কৃষকৰ । নুমলীগড় শোধনাগাড়ৰ সামাজিক উন্নয়ণ পুঁজিৰ চাৰিটা মজলীয়া আকৃতিৰ বাকচ আকৃতিৰ শীতলীকৰণ ভঁৰাল স্থাপনত অসন্তুষ্টি প্ৰকাশ কৰিছে একাংশ কৃষকে।

উল্লেখযোগ্য বোকাখাত বিধান সভা সমষ্টিটো এটা বৃহৎ কৃষি প্ৰধান সমষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত সমষ্টিবাসী কৃষকৰ দাবী আছিল সমষ্টিটোৰ পঞ্চায়ত এলেকা সমুহত এটিকৈ ক্ষুদ্ৰ শীতলী ভঁৰাল স্থাপনৰ অৰ্থাৎ সমষ্টিটোৰ ২০ টাকৈ গাঁও পঞ্চায়তত ২০ টা ক্ষুদ্ৰ শীতলীকৰণ ভঁৰালৰ দাবী আছিল বোকাখাতীয়া কৃষকৰ।

এই সন্দৰ্ভত অন্য এজন কৃষকে কয় যে বোকাখাতৰ পানবাৰীত শীতলীকৰণ ভঁৰালটো স্থাপনত আমাৰ আপত্তি নাই, কিন্তু সেই ঠাইত যি ধৰণৰ চাৰিটা শীতলী ভঁৰাল স্থাপন কৰিলে তেনেধৰণৰ এটাকৈ শীতলী ভঁৰাল পঞ্চায়তে পঞ্চায়তে স্থাপন কৰি এখন কৃষক সমিতিক পৰিচালনাৰ দায়িত্ব দিয়া হেতেনহে কৃষক উপকৃত হ'লহেতেন।

ইফালে বিগত বৰ্ষৰ চেপ্তেম্বৰত শীতলীকৰণ ভঁৰাল চাৰিটা উদ্ধোধনৰ সময়ত কৃষি বিভাগৰ তৰফৰ পৰা সাংবাদিকক জানিবলৈ দিয়া অনুসৰি উক্ত চাৰিটা শীতলীকৰণ ভঁৰালৰ উপৰিও সেই ঠাইতে আৰু শীতলীকৰণ ভঁৰাল স্থাপন হোৱাৰ কথা আছিল যদিও বৰ্তমানলৈ স্থাপন কৰা হোৱা নাই।

শীতলীকৰণ ভঁৰাল
আজি অসমলৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in