কয়লা খনন কৰিব গৈ নিৰুদ্দেশ হোৱা প্ৰাঞ্জল মৰানৰ মৃতদেহ উদ্ধাৰ...

কয়লা খনন কৰিব গৈ নিৰুদ্দেশ হোৱা প্ৰাঞ্জল মৰানৰ মৃতদেহ উদ্ধাৰ...
কয়লা খনন কৰিব গৈ নিৰুদ্দেশ হোৱা প্ৰাঞ্জল মৰানৰ মৃতদেহ উদ্ধাৰ...

ডিজিটেল ডেস্কঃ উদ্ধাৰ হ'ল প্ৰাঞ্জল মৰাণৰ মৃতদেহ! পত্নীৰ কাতৰ আহ্বানৰ পাছতেই নিৰুদ্দিষ্ট প্ৰাঞ্জল মৰানক বিচাৰি অভিযান আৰম্ভ কৰিছিল আৰক্ষীয়ে। তাৰপাছতেই মৃতদেহ উদ্ধাৰ হোৱা বুলি শুকুৰবাৰে পত্নী উৰ্বশী মৰাণক জনালে IGP জিৎমল দলেয়ে।

লিডুৰ কয়লাখনিত নিৰুদ্দিষ্ট হৈ আছিল প্রাঞ্জল মৰাণ। নিৰুদ্দেশ হোৱা স্থানতেই উদ্ধাৰ হৈছে প্ৰাঞ্জল মৰানৰ মৃতদেহ। ঘটনাস্থলীলৈ ইতিমধ্যে ৰাওনা হৈছে প্ৰাঞ্জল মৰানৰ পত্নী। আজি সন্ধিয়াৰ ভিতৰত মৃতদেহ পৰিয়ালক গতাব আৰক্ষীয়ে। ফোনযোগে নিশ্চিতি প্রদান কৰিলে IGP গৰাকীয়ে। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব মৃতদেহটো প্ৰাঞ্জল মৰানৰ হয় নে নহয়।

৬ জানুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছিল প্ৰাঞ্জল মৰান। কয়লা খনন কৰিবলৈ গৈ নিৰুদ্দেশ হোৱা প্ৰাঞ্জল মৰানক বিচাৰিবৰ বাবে প্ৰশাসনেও লোৱা নাছিল কোনো ব্যৱস্থা। তেতিয়াই পত্নীৰ আহ্বান মৰ্মে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে বিষয়টো সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছিল। তদন্তৰ পাছত গ্ৰেপ্তাৰো হৈছিল প্ৰাঞ্জল মৰানৰ মৃত্যু সন্দৰ্ভত জড়িত দুজনকৈ লোকক। ,

কয়লা খনন কৰিব গৈ নিৰুদ্দেশ হোৱা প্ৰাঞ্জল মৰানৰ মৃতদেহ উদ্ধাৰ...
নগাঁৱত পুনৰ কৰোনা!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in