বানত ক্ষতিগ্ৰস্ত আৰক্ষী জোৱানক সাহাৰ্য্য হাজোৰ সাংবাদিক প্ৰাঞ্জল কলিতাৰ

বানত ক্ষতিগ্ৰস্ত আৰক্ষী জোৱানক সাহাৰ্য্য হাজোৰ সাংবাদিক প্ৰাঞ্জল কলিতাৰ

author-image
Asomiya Pratidin
New Update
বানত ক্ষতিগ্ৰস্ত আৰক্ষী জোৱানক সাহাৰ্য্য হাজোৰ সাংবাদিক প্ৰাঞ্জল কলিতাৰ

ডিজিটেল সংবাদ,হাজোঃ সমগ্ৰ ৰাজ্য বানৰ কবলত।উজনিৰ পৰা নামনিলৈ বানৰ কবলত পাৰি গৃহহীন হৈছে লক্ষ্য লক্ষ্য লোক। ৰুষ্ট প্ৰকৃতিৰ গ্ৰাসত পৰি কেৱল সাধাৰণ নাগৰিকে নহয় বানৰ কবলত পৰিছে জৰুৰী কালীন সেৱাৰ লগত জড়িত আৰক্ষী প্ৰশাসন।

Advertisment

বানৰ কবলত হাজোৰ ৰামদিয়া আৰক্ষী চকী। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে আৰক্ষী চকীৰ ভিতৰ ভাগ।আৰক্ষী চকী এৰি অন্য ওখ ঠাইত থাকি প্ৰতিদিনে চলাই গৈছে নিজ কৰ্তব্য।

এইসকল দুৰ্ভগীয়া আৰক্ষীৰ ওচৰত থিয় দিছে হাজোৰ সাংবাদিক প্ৰাঞ্জল কলিতা।বিপদৰ সময়ত আৰক্ষী সকলৰ খবৰ লোৱাৰ উপৰিও নিজৰ গাঁঠিৰ ধনেৰে প্ৰদান কৰিলে বান সাহাৰ্য।

নিজৰ জীৱনক তুচ্ছ কৰি প্ৰাকৃতিক দুৰ্যোগৰ সময়ত আৰক্ষী সকলক উৎসাহ আৰু সাহস প্ৰদান কৰে সাংবাদিক প্ৰাঞ্জল কলিতাই।

Also Read: দেৰগাঁও আৰক্ষী থানাত হাজিৰ কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া

Hajo Police