দেৰগাঁও আৰক্ষী থানাত হাজিৰ কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া

দেৰগাঁও আৰক্ষী থানাত হাজিৰ কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া

author-image
Asomiya Pratidin
New Update
দেৰগাঁও আৰক্ষী থানাত হাজিৰ কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া

ডিজিটেল সংবাদ,গোলাঘাট: সোমবাৰে দেৰগাঁও আৰক্ষী থানাত হাজিৰ হয় কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া। বানপানীৰ সময়ত চৰকাৰী বিষয়াক কৰ্তব্য পালনত বাধা দিয়া বুলি কৃষক মুক্তিৰ নেতৃত্ব বিদ্যুৎ শইকীয়াৰ বিৰুদ্ধে দেৰগাঁৱৰ চক্ৰ বিষয়া মনিষা কলিতাই তৰা গোচৰ সন্দৰ্ভত আজি দেৰগাঁও থানাত হাজিৰ হয় বিদ্যুৎ শইকীয়া।

Advertisment

আদালতে প্ৰদান কৰা জামিনৰ পিছতে দেৰগাঁও থানাত হাজিৰ হৈ আৰক্ষীৰ আগত নিজৰ ভাষ্য প্ৰদান কৰে বিদ্যুৎ শইকীয়াই। পাছত তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে ৰাইজৰ অভাৱ-অভিযোগৰ হকে মাত মতাটো যদি অপৰাধ হয় তেন্তে এনে হাজাৰ অপৰাধ কৰিবলৈ তেওঁ কুণ্ঠাবোধ নকৰে।

Also Read: বোকাখাতত এজন লোকৰ সলিল সমাধি

Dergaon police station