চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল প্ৰণৱজিৎ চলিহা...

শ্বাস-প্ৰশ্বাস জনিত ৰোগত আক্ৰান্ত হৈ ৫ দিন ধৰি চিকিৎসাধীন হৈ আছিল জাতীয়তাবাদী শিবিৰৰ আপোচবিহীন সংগ্ৰামী নেতাগৰাকী।

author-image
Asomiya Pratidin
New Update
চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল প্ৰণৱজিৎ চলিহা...

ডিজিটেল ডেস্কঃ কিছু সুস্থ হৈ ঘৰলৈ উভতিল প্ৰণৱজিৎ (ৰুমু) চলিহা। শ্বাস-প্ৰশ্বাস জনিত ৰোগত আক্ৰান্ত হৈ ৫ দিন ধৰি চিকিৎসাধীন হৈ আছিল জাতীয়তাবাদী শিবিৰৰ আপোচবিহীন সংগ্ৰামী নেতাগৰাকী। শিৱসাগৰৰ অসামৰিক চিকিৎসালয়ৰ আই চি ইউত চিকিৎসাধীন হৈ আছিল প্ৰণৱজিৎ চলিহা।

Advertisment

চলিহাৰ অসুস্থতাৰ খবৰ পাই উদ্বিগ্ন হৈ পৰিছিল তেওঁৰ গুণগ্ৰাহীসকল। ঐতিহাসিক মাধ্যম আন্দোলনৰ পৰা আৰম্ভ কৰি অসম আন্দোলনৰ লৈকে জড়িত হৈ পৰা চলিহাই কেইবাবাৰো ইয়াৰ বাবে কাৰাবাস খাটিছিল। এগৰাকী সমাজ সংগঠকৰ লগতে ক্ৰীড়া সংগঠক হিচাপে চলিহাৰ অৱদান মন কৰিবলগীয়া। অসম আন্দোলনৰ সময়ত ১২৭বাৰ তেওঁ গ্ৰেপ্তাৰ বৰণ কৰিছিল।

হাওঁফাওঁ জনিৰ ৰোগত আক্ৰান্ত চলিহাক উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ পোষকতা কৰিছিল স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। অৱশ্যে তেওঁ স্ব-গৃহলৈ যাবলৈ ইচ্ছা কৰাত শুকুৰবাৰে চিকিৎসকে ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে।

ইফালে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে নিয়মীয়াকৈ অসুস্থ চলিহাৰ খবৰ ৰাখিছে। চলিহাই প্ৰয়োজনত ব্যৱহাৰ কৰিব পৰাকৈ অক্সিজেনৰ ছিলিণ্ডাৰসহ মাক্সৰ ব্যৱস্থা কৰি দিছে অখিল গগৈয়ে।

Also Read: ধেমাজি হত্যাকাণ্ড ৰায়দানঃ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

social worker