/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/f8d539e7-ab9c-4b3a-bcc0-bb9ffd978982/WEB_THUM_new_dimpul_copy.jpg)
ডিজিটেল ডেস্কঃ ধেমাজিৰ বোমা বিস্ফোৰণ ঘটনাৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া ৰায়ক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই বিস্ফোৰণৰ অভিযুক্ত আটাইকেইজনকেই তথ্যৰ অভাৱত আদালতে দোষমুক্ত ঘোষণা কৰিছিল। সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে কয়- আৰক্ষী সঞ্চালক প্ৰধানক এই ৰায় পুংখানুপুংখ অধ্যয়নৰ বাবে নিৰ্দেশ দিছে।
মুখ্যমন্ত্ৰীয়ে লগতে কয়- ৰায় সন্দৰ্ভত আইনী পৰামৰ্শ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব । যদি এই ৰায় বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন জনোৱা পৰামৰ্শ প্ৰদান কৰে তেনে সেই সন্দৰ্ভত চৰকাৰে পৰৱৰ্তী সময়ত বিবেচনা কৰিব।
Also Read: ৰাজ্যৰ ৪ জিলাই ঘূৰাই পালে জিলা মৰ্যাদা...