ড° প্ৰণৱজ্যোতি ডেকাৰ মৃত্যুত লুৰীণজ্যোতি গগৈৰ শোকপ্ৰকাশ

ড° প্ৰণৱজ্যোতি ডেকাৰ মৃত্যুত লুৰীণজ্যোতি গগৈৰ শোকপ্ৰকাশ

author-image
Asomiya Pratidin
New Update
ড° প্ৰণৱজ্যোতি ডেকাৰ মৃত্যুত লুৰীণজ্যোতি গগৈৰ শোকপ্ৰকাশ

ডিজিটেল ডেস্কঃ বিশিষ্ট সাহিত্যিকঅৱসৰপ্ৰাপ্ত অধ্যাপক তথা সাহিত্য অকাডেমী বঁটা প্ৰাপক ড০ প্ৰণৱ জ্যোতি ডেকায়ে শনিবাৰে হাঁওফাঁওৰ সংক্ৰমণ আৰু হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যাত শেষ নিশ্বাস ত্যাগ কৰে।

Advertisment

শব্দশিল্পৰ সাধক ড° প্ৰণৱজ্যোতি ডেকাৰ মহাপ্ৰয়াণ জাতীয় জীৱনৰ অপূৰণীয় ক্ষতি৷ বিশ্বমানৰ গল্প, উপন্যাসৰ জৰিয়তে অসমীয়া সাহিত্যক সমৃদ্ধ কৰা স্বনামধন্য সাহিত্যিকগৰাকীৰ বিয়োগে অসমৰ সাহিত্য আৰু বৌদ্ধিক পৰিমণ্ডলত গভীৰ শূন্যতাৰ সৃষ্টি কৰিলে৷

এগৰাকী অধ্যাপক, অভিধান প্ৰণেতা আৰু ভূ-তত্ত্ববিদ হিচাপে প্ৰভূত বৰঙণি আগবঢ়াই যোৱা ড° ডেকাৰ সৃষ্টি-দৃষ্টি-দৰ্শনক জাতিয়ে চিৰকাল শ্ৰদ্ধাৰে স্মৰণ কৰি যাব৷ সদ্যপ্ৰয়াত সাহিত্যিকগৰাকীলৈ অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে৷ লগতে, শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু গুণমুগ্ধলৈ সমবেদনা জ্ঞাপন কৰিছে৷

Also Read: তিতাবৰত মুখ্যমন্ত্ৰীৰ নির্বাচনী প্ৰচাৰ...

Lurinjyoti Gogo AJP pranab jyoti deka